বেঞ্জামিন নেতানিয়াহুৰ ১২ বছৰীয়া শাসনৰ অৱসান। দেওবাৰে ইজৰাইলত নতুন মিত্ৰজোটৰ চৰকাৰ গঠনৰ অনুমতি দিলে সংসদে ৷ সেই দেশৰ নতুন প্রধানমন্ত্রী হ’ল হাইটেক মিলিনিয়ৰ নাফটালি বেনেট।
ডানপন্থী, বামপন্থী, মধ্যপন্থী-তিনিটা মতাদর্শৰ দলে মিত্ৰজোটৰ চৰকাৰ গঠন কৰিছে । ৪৯ বছৰ বয়সীয়া প্রধানমন্ত্রীৰ ওচৰত বৰ্তমান সেই চৰকাৰ অব্যাহত ৰখাটোৱেই কঠিন প্ৰত্যাহ্বান। ৬০-৫৯ ভোটৰ ব্যৱধানত বিদায়ী প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুক পৰাজিত কৰিছে নাফটালি বেনেটে। ইজৰাইলৰ প্রাক্তন ডিফেন্স মিনিষ্টাৰ আছিল নাফটালি বেনেট। পৰাজিত হ’লেও ৰাজনীতিৰপৰা এতিয়াই অৱসৰ নলয় বুলি জনাইছে বিদায়ী প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৱে। নতুন চৰকাৰক ক্ষমতাচ্যুত কৰাৰ হুংকাৰো দিছে তেওঁ।
নতুন প্রধানমন্ত্রীক অভিনন্দন জনাইছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেন। টুইটাৰত মার্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে লিখিছে, ‘দুইদেশৰ মাজত সম্পর্ক অধিক শক্তিশালী কৰিবলৈ আৰু প্রধানমন্ত্রী বেনেটৰ সৈতে কাম কৰিবলৈ মই ভীষণ ভাৱে আগ্রহী। আমেৰিকাতকৈ ডাঙৰ বন্ধু ইজৰাইলৰ আৰু কোনো নাই।’ ইজৰাইলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ যে আমেৰিকা বদ্ধপৰিকৰ সেয়াও জনালে মার্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে। ইয়াৰোপৰি তেওঁ কৈছে,ইজৰাইল, পেলেষ্টাইন আৰু সীমান্ত এলেকাত সুস্থিৰ অৱস্থা আৰু শান্তি বজায় ৰাখিবলৈ একেলগে কাম কৰিব আমেৰিকা-ইজৰাইলে।
আনহাতে ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী বেনেটক অভিনন্দন জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৷
- Log in to post comments
- 17 views