ক'ভিড মহামাৰীৰ সৈতে মোকাবিলা কৰিব পৰা ডিএনএ ছিকুৱেন্স আৱিষ্কাৰ কৰি পুৰস্কৃত ভাৰতীয় বংশোদ্ভৱ

S. Balasubraminaim

এনে আৱিষ্কাৰ কৰিলে দুই বিজ্ঞানীয়ে যি এই ক’ভিড মহামাৰীতো কার্যকৰী হ’ব পাৰে। যি এই সময়ত বিজ্ঞানৰ আশীর্বাদৰ দৰেই।

কেমব্ৰিজ ইউনিভাৰ্চিটিৰ ভাৰতীয় বংশোদ্ভৱৰ ৰসায়নবিদ শংকৰ বালাসুব্ৰমণিয়ামে ২০২০ চনৰ মিলেনিয়াম টেকন’লজি পুৰস্কাৰ পাইছিল। তেওঁৰ সৈতে যুটীয়া ভাৱে পুৰস্কৃত হৈছে দেভিড ক্লেনেৰমেন। এটা অতি মহার্ঘ আৰু মর্যাদাসম্পন্ন পুৰস্কাৰ 'গ্লোবেল চাইন্স এণ্ড টেকন’লজি প্ৰাইজ'।

মঙ্গলবাৰে তেওঁলোকক এই পুৰস্কাৰ প্ৰদান কৰা হৈছে। ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি চাউলী নিনিস্তোই এই পুৰস্কাৰৰ পৃষ্টপোষক। তেওঁ এই পুৰস্কাৰ তেওঁলোকৰ হাতত তুলি দিয়ে। 

বালাসুব্ৰমণিয়াম মেডিছিনেল কেমিষ্ট্ৰীৰ ভাৰতীয় বংশোদ্ভৱ ব্রিটিছ অধ্যাপক। আনহাতে ক্লেনেৰমেন এজন ব্ৰিটিছ বায়োফিজিকেল কেমিষ্ট। 

এওঁলোক দুজনেই Solexa-Illumina Next Generation DNA sequencing আৱিষ্কাৰ কৰিছে। সহজকৈ ক’বলৈ হ’লে এইটো হ’ল সেই পদ্ধতি যাৰ মাধ্যমেৰে কোনো এটা অণুজীৱৰ সম্পূর্ণ DNA sequenceটো প্রতিপন্ন কৰা সম্ভৱ। যি আৱিষ্কাৰে এই ক’ভিডৰ দিনত নতুন আশা কঢ়িয়াই আনিছে বিজ্ঞানীসকলৰ মাজলৈ। কিয়নো ক’ভিড ভাইৰাছৰ সৈতে যুঁজিবলৈ গ’লেও কামত আহিব পাৰে এই পদ্ধতি। এই প্রযুক্তি ব্যৱহাৰ কৰি ক’ভিডৰ viral mutationক জনা আৰু বুজা অধিক সহজ হ’ব।
 
দুই বিজ্ঞানী এই পুৰস্কাৰ জয় কৰি আনন্দিত। তেওঁলোকে তেওঁলোকৰ দলক ধন্যবাদ জনাইছে। প্ৰকৃততে তেওঁলোকে যি কোম্পানী নিৰ্মাণ কৰিছিল তাৰ মূল উদ্দেশ্যই আছিল টেকন’লজিৰ সুবিধা সকলো মানুহৰ কাষ পোৱাই দিয়া।

Your Comments