ভাৰতীয় শ্বেয়াৰ বজাৰত আকৌ ভয়ংকৰ বিপৰ্যয় ৷ একেৰাহে দ্বিতীয় দিনাও শ্বেয়াৰ বজাৰৰ সূচক ভয়ংকৰভাৱে তললৈ নামি যায়৷ মঙ্গলবাৰে মুম্বাই শ্বেয়াৰ বজাৰৰ ছেনছেক্স একে কোবতে ৫০৯ পইণ্ট হ্ৰাস পাই ৩৭.৪১৩ পইণ্ট হয়গৈ৷ ইয়াৰ পূৰ্ব সোমবাৰে ছেনছেক্স নামিছিল ৪৮৮ পইণ্ট৷
ভাৰতীয় মূলধনী বজাৰত এই খহনীয়াৰ লগতে ফেৰ মাৰি টকাৰ দামো পূৰ্বৰ অভিলেখ ভাঙি পুনৰ কমিছে ৷ মঙ্গল বাৰে দিনৰ প্ৰথম ভাগতেই আন্তৰ্জাতিক মুদ্ৰা বজাৰত টকাৰ দাম কমি প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ বিনিময় হাৰ হয়গৈ ৭২.৭৩ টকা ৷
সোমবাৰে এই বিনিময় হাৰ আছিল প্ৰতি ডলাৰৰ বিপৰীতে ৭২.৬৭ টকা ৷ মঙ্গলবাৰে নেচনেল ষ্টক এক্সঞ্জৰ সূচক নিফটিৰ হাৰো ভয়ংকৰ ভাবে তললৈ নামি যায় ৷ নিফটিৰ হাৰ হ্ৰাস পায় ১৫০ পইণ্ট ৷ অৰ্থনৈতিকবিদসকলৰ আশংকা, নিফটিৰ হাৰ ১১,০০০ পইণ্টৰ তললৈ নামি যাব পাৰে ৷
মঙ্গলবাৰে নিফটিৰ হাৰ হৈছেগৈ ১১,২৮৭ পইণ্ট ৷ চলিত সপ্তাহত ভাৰতীয় শ্বেয়াৰ বজাৰত লেনদেনৰ দ্বিতীয় দিনা নিফটিৰ তালিকাভুক্ত টাটা ষ্টীল, টাটা মটৰ্ছ, আই টি চি, পাৱাৰ গ্ৰিড, হিৰো মটোৰছ, টেক মহিদ্ৰা আদি কৰ্পৰেট প্ৰতিষ্ঠানবিলাকৰ শ্বেয়াৰৰ মূল্য ব্যাপকভাৱে হ্ৰাস পায়৷
তদুপৰি এফ এম চি জি, ধাতুখণ্ড, শক্তি আৰু ঔষধ খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰৰ মূল্যত ব্যাপক হাৰত হ্ৰাস পাইছে ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ মূল্যৰ ঊৰ্ধ্বগতি চীন আৰু আমেৰিকাৰ বাণিজ্যিক যুঁজ আৰু খাৰুৱা তেলৰ ক্ৰমাগত মূল্য বৃদ্ধিয়ে সমাগত দিনবিলাকত ভাৰতীয় অৰ্থনীতিৰ ওপৰত অধিক সংকট নমাই আনিব বুলি আশংকা কৰা হৈছে ৷
চলিত সপ্তাহত শ্বেয়াৰ বজাৰত খহনীয়া আৰূ টকাৰ মূল্য হ্ৰাসৰ গতি অব্যাহত থাকিব বুলিও আশংকা কৰা হৈছে ৷
- Log in to post comments
- 12 views