প্ৰতি ডলাৰৰ বিপৰীতে ৭২.৬৭ টকালৈ কমিল টকাৰ মূল্য

প্ৰতি ডলাৰৰ বিপৰীতে ৭২.৬৭ টকালৈ কমিল টকাৰ মূল্য

প্ৰায় প্ৰতিদিনেই পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰি টকাৰ মূল্য কমি গৈ আছে ৷ সোমবাৰে পুনৰ টকাৰ মূল্য হ্ৰাসৰ নতুন অভিলেখ সৃষ্টি কৰি প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ বিনিময় হাৰ হয়গৈ ৭২.৬৭ টকা ৷

ভাৰতীয় মুদ্ৰা বজাৰৰ ইতিহাসত টকাৰ এয়াই হৈছে সৰ্বনিম্ন মূল্য ৷ ভাৰতীয় টকাৰ ক্ৰমাগত এই ভয়াৱহ পতনৰ ফলত দেশৰ মূলধনী বজাৰতো হাহাকাৰ সৃষ্টি হৈছে ৷

সোমবাৰে টকাৰ পুনৰ মূল্য হ্ৰাসৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াত মুম্বাই শ্বেয়াৰ বজাৰত ছেনছেক্স ৪৮৮ পইণ্ট নামি যায় ৷ যোৱা জানুৱাৰী মাহৰ পৰা সোমবাৰলৈকে মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ দাম ১৩ শতাংশৰো অধিক হ্ৰাস পাইছে ৷

প্ৰতি ডলাৰৰ বিপৰীতে ৭২.৬৭ টকালৈ কমিল টকাৰ মূল্য

তাতোকৈ লক্ষণীয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত এছিয়াৰ অন্যান্য দেশবিলাকৰ মুদ্ৰাৰ ওপৰত আঘাত পৰিলেও ভাৰতীয় মুদ্ৰাৰ মূল্য সৰ্বাধিক হ্ৰাস পাইছে ৷

টকাৰ মূল্য হ্ৰাসৰ পৰিণমত কেৱল খাৰুৱা তেলৰ আমদানি ব্যয়েই বৃদ্ধি পোৱা নাই, কয়লা আৰু আকৰিক ধাতুৰ আমদানি ব্যয়ো বৃদ্ধি পাইছে ৷ তাতোকৈ ভয়ংকৰ কথা হৈছে যে টকাৰ মূল্য হ্ৰাসৰ সমান্তৰালভাৱে দেশৰ বিভিন্ন কোম্পানী আুৰ কৰ্প'ৰেট প্ৰতিষ্ঠানসমূহৰ আমদানিৰ পৰিমাণো উদ্বেগজনক হাৰত বাঢ়ি গৈছে ৷

এই পৰিস্থিতিৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰি দেশৰ সৰ্বসাধাৰণ মানুহৰ ওপৰত মাধমাৰ শোধোৱা হৈছে ৷

প্ৰতি ডলাৰৰ বিপৰীতে ৭২.৬৭ টকালৈ কমিল টকাৰ মূল্য

দেশৰ বিভিন্ন মহলৰ পৰা পেট্ৰ’লিয়াম সামগ্ৰীৰ আবকাৰী শুল্ক হ্ৰাস কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱা সত্ত্বেও চৰকাৰে সেই দাবী পোনে পোনে খাৰিজ কৰি দিয়ে ৷ চৰকাৰে কয় যে তেলৰ ওপৰত ধাৰ্য কৰ হ্ৰাস কৰিলে বিত্তীয় ঘাটিৰ পৰিমাণ বাঢ়ি যাব ৷

এই যুক্তি দৰ্শায়েই চৰকাৰে টকাৰ মূল্য হ্ৰাস ৰোধ আৰু পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত নিজৰ অক্ষমতা প্ৰকাশ কৰে ৷

চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৮ চনৰ মাৰ্চলৈকে খাৰুৱা তেলৰ আমদানি ব্যয় বিগত বছৰত ৮,৬৯০ কোটি ডলাৰৰ পৰা বাঢ়ি চলিত বছৰত ১০,৮৬০ কোটি ডলাৰ হৈছেগৈ ৷

প্ৰতি ডলাৰৰ বিপৰীতে ৭২.৬৭ টকালৈ কমিল টকাৰ মূল্য

এই ব্যয় বৃদ্ধিৰ হাৰ প্ৰায় ২৫ শতাংশ ৷ সমান্তৰালভাৱে কয়লা, ধাতু, আকৰিক ধাতু, অন্যান্য খনিজ সামগ্ৰী আদিৰ আমদানি ব্যয়ৰ পৰিমাণো একে জাঁপতে ৪৭ শতাংশ বাঢ়িছে ৷

কেৱল সেয়াই নহয়, ২০১৮-১৯ বিত্তীয় বৰ্ষত পূৰ্বৱৰ্তী বছৰৰ তুলনাত ভাৰতত আমদানিৰ পৰিমাণ উদ্বেগজনকভাৱে ২১ শতাংশ বৃদ্ধি পাইছে ৷ বিপৰীতে ৰপ্তানিৰ পৰিমাণ বাঢ়িছে মাত্ৰ ৯.৯৮ শতাংশ ৷

ইয়াৰ ফলত বাণিজ্যিক ঘাটিৰ পৰিমাণো ক্ৰমশঃ বাঢ়ি গৈ আছে ৷ মুদ্ৰাস্ফীতিৰ হাৰো বাঢ়িছে ৷

সোমবাৰে টকাৰ মূল্য পুনৰ পতনৰ ফলত ভাৰতীয় শ্বেয়াৰ বজাৰত ছেনছেক্স ৪৮৮ পইণ্ট নামি যায় ৷

প্ৰতি ডলাৰৰ বিপৰীতে ৭২.৬৭ টকালৈ কমিল টকাৰ মূল্য

দিনৰ শেষভাগত ছেনছেক্স হয়গৈ ৩৭,৯২২.১৭ পইণ্ট ৷ আনহাতে, নেচনেল ছিকিউৰিটী এক্সচেঞ্জৰ সূচক নিফটিৰ হাৰো ১৫১ পইণ্ট হ্ৰাস পাই ১১,৫০০ পইণ্ট হৈছেগৈ ৷

ইফাল, ভাৰতত পেট্ৰ’লৰ খুচুৰা মূল্যৰ ৫৫ শতাংশই হৈছে আবকাৰি শুল্ক আৰু ডিজেলৰ খুচুৰা মূল্যৰ ৪৭ শতাংশ হৈছ আবকাৰি শুল্ক ৷

মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত পেট্ৰ’লিয়াম সামগ্ৰীৰ পৰা আবকাৰি শুল্ক হিচাপে কেন্দ্ৰীয় চৰকাৰে ২০১৭-১৮ বৰ্ষত ২.২৯ লাখ কোটি টকা আৰু ২০১৬-১৭ বৰ্ষত ২.৪২ লাখ কোটি টকা আহৰণ কৰিছে দেশৰ সাধাৰণ জনতাক মাধমাৰ শোধাই ৷

Your Comments