*শপত গ্ৰহণৰ বাবে কাৰাগাৰৰ বন্ধ কোঠৰীৰ পৰা শুক্ৰবাৰে বিধানসভালৈ বিধায়ক অখিল গগৈ*
জল্পনা-কল্পনাৰ অৱসান।শুক্ৰবাৰে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব অসম বিধানসভা আৰু ৰাজ্যবাসী ।কাৰাগাৰৰ বন্ধ কোঠৰীৰপৰা ওলাই বিধায়ক ৰূপে বিধানসভাৰ মজিয়াত শপত গ্ৰহণ কৰিব কাৰাবন্দী নেতা অখিল গগৈয়ে।
কাৰাৰুদ্ধ অৱস্থাতে নির্বাচনত অৱৰ্তীন হৈ ঐতিহাসিক ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হোৱা গগৈয়ে আনুষ্ঠানিক ভাৱে বিধান সভাত উপস্থিত হৈ গ্ৰহণ কৰিব শপত।বিধানসভাৰ প্ৰটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে ১২৬ জন বিধায়কক পাঠ কৰোৱাব শপত বাক্য।
গুৰুত্বপূৰ্ণ কথা যে নিয়া গোচৰত বিগত ডেৰ বছৰৰো অধিক সময় কাৰাবন্দী হৈ থকা গগৈক শপত গ্ৰহণত উপস্থিত থকাৰ বাবে নিয়া আদালতে অনুমতি প্ৰদান কৰিছে।
উল্লেখ্য যে কাৰাবন্দী অৱস্থাত বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভাত শপত গ্ৰহণ কৰা দেশৰ ভিতৰতে বিৰল হিচাপে পৰিগণিত হৈছে এই ঘটনা।
কাৰাগাৰ কৰ্তৃপক্ষই শুক্ৰবাৰে বিধায়ক অখিল গগৈক জিএমচি এইচৰ পৰা পুৱাই লৈ যাব বিধান সভালৈ।
- Log in to post comments
- 61 views