আছু, শ্বহীদ আৰু নিৰ্যাতিত ন্যাসৰে কি আলোচনা কৰিলে মন্ত্ৰী অতুল বৰাই, পঢ়ি জানি লওক

Atul Bora

অসম চুক্তি ৰূপায়নৰ মন্ত্ৰী দায়িত্ব লৈ প্ৰথমবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত উপস্থিত প্ৰাক্তন আছু নেতা তথা মন্ত্ৰী অতুল বৰা।শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনাই মন্ত্ৰী গৰাকীয়ে আছু আৰু শ্বহীদ আৰু নিৰ্যাতিত সাহায্য ন্যাসৰ সৈতে মিলিত হয় অনানুষ্ঠানিক বৈঠকত।

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত আছুৰ সৈতে সহযোগিতাৰে আগবঢ়াৰ কথা  উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়- বিভাগৰ দায়িত্বলৈ ৰাজনৈতিক সদিচ্ছা প্ৰকাশ কৰিবলৈ সৎভাৱ লৈ আছুৰ কাৰ্যালয়লৈ আহিছোঁ।চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া কামসমূহৰ ভিতৰত অসম চুক্তি ৰূপায়ণ অন্যতম।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত অধিক চিৰিয়াচ'।

Atul Bora at AASU office

“আছুৰ কাৰ্যালয়লৈ আহি অতীত ৰোমন্থন হৈছে। মনত উদ্যম আৰু সাহস পাইছোঁ।চৰকাৰে বিষয়টোৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰিছে অসমবাসীৰ কেইবাদশকৰ আশা পূৰণ হ’ব বুলি আশাবাদী”- বৰাই কয়।

অসম আন্দোলনৰ ৪০৬ গৰাকী গুলীবিদ্ধ আঘাত প্ৰাপ্তৰ ৩২৭জনে সাহায্য লাভ কৰিছে, ৭৯ জনে পাবলৈ বাকী আছে।নির্যাতিত কোন তাৰো সঠিক সিদ্ধান্ত ল’ব পৰা নাই।আছু আৰু ন্যাসৰ সহযোগিতাত আলাপ আলোচনাৰ মাজেৰে আগবাঢ়ি যাব লাগিব- মন্ত্ৰী গৰাকীয়ে কয়।

মন্ত্ৰী হিচাপে অসম চুক্তি ৰূপায়নত সদিচ্ছা কিমান বুলি সাংবাদিকে কৰা প্ৰশ্নত বৰাই কয় - ভগৱানে দিয়া সুযোগ সৎ ব্যৱহাৰ কৰিবলৈ কোনো ধৰণৰ ক্ৰুটি নকৰো।অসম চুক্তি ৰূপায়ণৰ বাবে দীর্ঘসময় কেন্দ্ৰীয় চৰকাৰৰ লগত বহুবাৰ আলোচনা হৈছে।এজনো গৃহমন্ত্ৰী নাছিল যাক সাক্ষাৎ কৰা নাছিলোঁ।প্ৰধানমন্ত্ৰীৰেও আলোচনা হৈছিল কিন্তু ফলাফল কি পালে জানেই।মন্ত্ৰী হিচাপে বিভাগটোৰ দায়িত্ব লাভ কৰিছোঁ।যিখিনি কৰিব লগা কাম তাক কৰিবলৈ অলপো ক্ৰুটি নকৰো।অসমবাসীয়ে দীৰ্ঘদিনীয়া সংগ্রাম আৰু শ-শ শ্বহীদৰ ত্যাগত চুক্তি লাভ কৰিছিল।সুযোগ লাভ কৰিছো তাক সৎ ব্যৱহাৰ কৰিম'।

'মন্ত্ৰী গৰাকীয়ে দায়িত্ব লৈ বিষয়টো সমাধান কৰাত সদিচ্ছা প্ৰকাশ কৰি  আছুৰ কাৰ্যালয়লৈ আহিছে ৷ ধন্যবাদ জনাইছো। ফলাফল লাভ কৰিলেহে কিন্তু আছু আস্বস্ত হ’ব- মন্ত্ৰী গৰাকীৰ আগমন সন্দৰ্ভত সভাপতি দীপাংকৰ নাথে এইদৰে কয়।

'মন্ত্ৰী অতুল বৰাই আছুৰ সভাপতি- সম্পাদক থাকোতে শ্বহীদ ন্যাসৰ পৰা কেন্দ্ৰ-ৰাজ্য চৰকাৰক অসম চুক্তি ৰূপায়ণৰ দাবী জনাই বিভিন্ন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিল।বৰ্তমান তেওঁ নিজে সেই বিভাগৰ মন্ত্ৰী হৈ স্মাৰক পত্ৰ ল’ব পৰা হ’ল।ইমান দিনে উত্থাপন কৰা দাবীৰ এতিয়া সমাধানৰ নেতৃত্ব ল’ব পৰা হ’ল।দায়িত্ব লৈয়ে শ্বহীদ ভৱনলৈ আহি সৎ-ভাৱনা প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জনাই আছু উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।অসম চুক্তি সম্পাদন হোৱাৰ পৰা অসম চুক্তি ৰূপায়ণৰ কোনো মন্ত্ৰী শ্বহীদ ভৱনলৈ অহা নাছিল।প্ৰথমবাৰ মন্ত্ৰী হিচাপে শ্বহীদ ভৱনলৈ আহি আছুৰ সৈতে আলোচনা কৰি সৎ ভাৱনা প্ৰকাশ কৰিছে বৰাই, লগতে ভট্টাচাৰ্য্য কয়।

জাতীয় শ্বহীদক সন্মান জনাই মন্ত্ৰী বৰাই শ্বহীদ ভৱনলৈ আহি প্ৰকাশ কৰা সৎ-ভাৱনা ইতিবাচক আখ্যা দি ভট্টাচাৰ্যই কয়-আমাক ফলাফল লাগে।অসম চুক্তিৰ প্ৰতিটো দফাৰ ফলাফল পালেহে আমি আস্বস্ত হম।

গুৰুত্বপূৰ্ণ কথা যে অনানুষ্ঠানিক বৈঠকখনত অসম চুক্তিৰ সকলো বিষয়, শ্বহীদ নিৰ্যাতিত সংস্থাপন, এনআৰচি উন্নীতকৰণ, সীমান্ত ছিল আদি বিষয়বোৰেও স্থান লাভ কৰা বুলি ভট্টাচাৰ্য্যই কয়।

আনহাতে পৰৱৰ্তী সময়ত আছুৰ সৈতে এই বিষয়ত আনুষ্ঠানিক বৈঠকত মিলিত হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী বৰাই।
 
বৃহস্পতিবাৰে আছুৰ উপৰিও মন্ত্ৰী গৰাকীৰ সৈতে বৈঠকত শ্বহীদ আৰু নিৰ্যাতিত সাহায্য ন্যাসৰ সভাপতি দেৱেশ্বৰ ভট্টাচাৰ্য ,উপ সভাপতি ভৈৰৱ প্ৰসাদ দাস উপস্থিত থাকে ।

Your Comments