ৰে'লযাত্ৰী সাৱধান ! চলন্ত ৰে'লত ভয়ানক হাৰত বাঢ়িছে চুৰি-ডকাইতিৰ ঘটনা

ৰে'লযাত্ৰী সাৱধান ! চলন্ত ৰে'লত ভয়ানক হাৰত বাঢ়িছে চুৰি-ডকাইতিৰ ঘটনা

ভাৰতীয় ৰে'লৰ ভিতৰত চলন্ত অৱস্থাত বিগত চাৰে তিনি বছৰত মুঠ ৫৫,৩৬৯টা চুৰি আৰু ১,৫৭০টা ডকাইতিৰ ঘটনা সংঘটিত হৈছে ৷ ভাৰতীয় ৰে'লৰ সূত্ৰই দেওবাৰে এই তথ্য প্ৰকাশ কৰিছে ৷

ভাৰতীয় ৰে'লৱে'ৰ দ্বাৰা প্ৰকাশ কৰা তথ্য অনুযায়ী চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুনৰ ভিতৰত ৰে'লযাত্ৰীৰ ৯,২২২টা চুৰি আৰু ১৫৯টা ডকাইতিৰ গোচৰ ৰুজু হৈছে৷

ইয়াৰ উপৰি যাত্ৰীক অচেতন কৰি ৮৯টা ডকাইতিৰ ঘটনা সংঘটিত কৰাৰ বিপৰীতে এই সময়ছোৱাত ১,৩৭৮জন ব্যক্তি গ্ৰেপ্তাৰ হৈছে ৷

ৰে'লযাত্ৰী সাৱধান ! চলন্ত ৰে'লত ভয়ানক হাৰত বাঢ়িছে চুৰি-ডকাইতিৰ ঘটনা

২০১৭ বৰ্ষত, যাত্ৰীৰ বয়-বস্তু চুৰিৰ ঘটনা ১৮,৯৩৬টাৰ লগতে ৪১৫টা ডকাইতিৰ ঘটনা সংঘটিত হয় ৷

ইয়াৰে ভিতৰত ২৭টা ডকাইটিৰ ঘটনা ৰে'লৰ ভিতৰত সংঘটিত হোৱাৰ লগতে ১৫৫জন যাত্ৰীক অচেতন কৰি চুৰি কৰে ৷ আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩,৮৯৮জন লোকক ৷

একেদৰে, ২০১৬ চনত ১৪,৬১৯টা বয়-বস্তু চুৰিৰ ঘটনা সংঘটিত হয় আৰু ৪৪১টা ডকাইতিৰ গোচৰ ৰুজু হয় ৷

ৰে'লযাত্ৰী সাৱধান ! চলন্ত ৰে'লত ভয়ানক হাৰত বাঢ়িছে চুৰি-ডকাইতিৰ ঘটনা

মুঠ ২১৮গৰাকী যাত্ৰীক অচেতন কৰি ডকাইতি কৰা হয় আৰু ৩,৩৩১জন লোকক গ্ৰেপ্তাৰ কৰা হয় ৷
আনহাতে, ২০১৫ চনত বয়-বস্তু চুৰিৰ ঘটনা ১২,৫৯২টা সংঘটিত হোৱাৰ বিপৰীতে ডকাইতিৰ ঘটনা সংঘটিত হয় ৫৫৫টা ৷

ইয়াৰ উপৰি চেতনাহীন কৰি ২৮৪গৰাকী যাত্ৰীক ডকাইতি কৰে আৰু ইয়াৰ লগত জড়িত ৩,১৫১জন দুষ্কৃতিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
চৰকাৰী সূত্ৰ মতে, অধিকসংখ্যক চুৰিৰ ঘটনা সংঘটিত হয় কেন্দ্ৰীয় ৰে'লৱে'ত ৷

এই সংখ্যা হ'ল ৩,৯০৭টা ৷ ইয়াৰ পিছত ক্ৰমে পশ্চিম ৰে'লৱে'ত ২,৮৪৪টা, উত্তৰ ৰে'লৱে'ত ২,৪৮০টা আৰু দক্ষিণ ৰে'লৱে'ত সংঘটিত হয় ২,০৯৩টা ঘটনা ৷
ডকাইতিৰ ঘটনাৰ ক্ষেত্ৰত উত্তৰ ৰে'লৱে'ত সংঘটিত হয় সৰ্বাধিক ৮১টা ঘটনা ৷

ৰে'লযাত্ৰী সাৱধান ! চলন্ত ৰে'লত ভয়ানক হাৰত বাঢ়িছে চুৰি-ডকাইতিৰ ঘটনা

ইয়াৰ পিছত পশ্চিম ৰে'লৱে'ত ৬৮টা আৰু কেন্দ্ৰীয় ৰে'লৱে'ত সংঘটিত হয় ৫৪টা ঘটনা ৷

তথ্যসমূহৰ পৰা এটা কথা লক্ষ্য কৰা যায় যে ২০১৬ৰ তুলনাত ২০১৭ বৰ্ষত ডকাইতিৰ ঘটনা তুলনামূলকভাৱে কম হোৱাৰ বিপৰীতে চুৰিৰ ঘটনা কিছু বৃদ্ধি পায় ৷

ৰে'ল মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে, ২২,০০০খন ৰে'লৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যিক আৰক্ষীৰ দায়িত্ব থকাৰ বিপৰীতে ২,৫০০খন ৰে'লৰ চোৱাচিতাৰ দায়িত্বত আছিল ৰে'ল আৰক্ষী ৷

আনহাতে, দেশৰ বিভিন্ন প্ৰান্তত এই সময়ছোৱাত ৩৯৪টা চিচি টিভি কেমেৰা সংস্থাপনৰ কথাও সূত্ৰটোত প্ৰকাশ কৰিছে ৷

ইয়াৰ লগতে আপদকালীন সময়ত যাত্ৰীসকলে বিনামূলীয়াভাৱে ডায়েল কৰিব পৰা হেল্প লাইন নম্বৰ ১৮২ সক্ৰিয় হৈ থকা বুলিও উল্লেখ কৰে ৷

Your Comments