কেন্দ্রীয় চৰকাৰৰ এখন ক’ৰ কমিটিৰপৰা পদত্যাগ কৰিলে বিশিষ্ট ভাইৰোলজিষ্ট চাহিদ জামিলে । ক’ৰ’না ভাইৰাছৰ ভেৰিয়েণ্টৰ পৰীক্ষা নিৰীক্ষাত এখন কমিটি গঢ়িছিল প্রধানমন্ত্রীয়ে। কিন্তু কিয় হঠাৎ এই সিদ্ধান্ত! জনাব বিচৰা নাই ডা° চাহিদ জামিলে ৷
যি ফ’ৰামত তেওঁ কাম কৰিছিল সেইটোৰ নাম হ’ল INSACOG। কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ মাধ্যমত চাহিদ জামিলে কৈছিল, ''এই নতুন ভেৰিয়েণ্ট সন্দৰ্ভত আগতেই কেন্দ্রীয় চৰকাৰক সতর্ক কৰা হৈছিল। কোৱা হৈছিল, মার্চৰ আৰম্ভণিতেই যে দেশ ক’ৰ’নাৰ দ্বিতীয় ঢৌৰ কবলত পৰিব । কিন্তু কর্ণপাত কৰা হোৱা নাছিল''।
চাহিদে জনাইছিল, ভাৰতত ক’ৰ’না ভাইৰাছৰ "ডবল মিউটেন্ট ভেৰিয়েণ্ট" পোৱা গৈছে। যাৰ বৃদ্ধিত উপায়ন্তৰ ভাৰত। দৈনিক মৃত্যুৰ সংখ্যা ৪ হাজাৰৰ তললৈ নমাই নাই''।
চাহিদ জামিলে কৈছিল, 'E484K নামৰ আৰু এটা মিউটেন্ট আছে। যাৰ কার্য ক্ষমতা কম হ’লেও সেইটোও যথেষ্ট সিদ্ধহস্ত মানুহক কাবু কৰাৰ ক্ষেত্ৰত। লগতে তেওঁ প্রশ্ন তুলিছিল 'সতর্কতাৰ সত্ত্বেও কিয় লোৱা নহ’ল ব্যৱস্থা?'
উল্লেখ্য ক’ভিড মোকাবিলাত ভাৰতৰ কেন্দ্র যি উশৃঙ্খল হৈ পৰিছে সেই সন্দৰ্ভত আন্তর্জাতিক স্তৰতো সমালোচনাৰ ঢৌ উঠিছে। বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি জনাইছে দ্বিতীয় ঢৌৰ এই মাৰাত্মক অৱস্থাৰ বাবে দায়ী কেৱল ধর্মীয় আৰু ৰাজনৈতিক সমাবেশ সমূহ।
বৰ্তমান বিভিন্ন সচেতন মহলত প্রশ্ন উঠিছে কিয় ডাঃ চাহিদ জামিলে প্রধানমন্ত্রীয়ে সৃষ্টি কৰা INSACOG ৰপৰা পদত্যাগ কৰিব লগা হ’ল?
- Log in to post comments
- 102 views