বঙাইগাঁৱত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত:বুজ ল'লে ক'ভিড সন্দৰ্ভত জিলা প্ৰশাসনৰ ব্যৱস্থাপনাৰ

Pic

*দহ দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আইচিইউ ব্যৱস্থা*

*স্থাপন কৰা হ'ব অক্সিজেন জেনেৰেটিং প্লাণ্ট* 

#বঙাইগাঁৱৰ প্ৰতিবেদক:

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো বৰ্তমান ক'ভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে ৷ ইয়াৰ মাজতে ১৩ মে'ৰ বিয়লি ৰাজ্য চৰকাৰৰ নৱ-নিযুক্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই জিলাখনত উপস্থিত হৈ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনে কি দৰে মোকাবিলা কৰিছে সেই সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা কৰে ৷ উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰীগৰাকী বৰপেটা জিলাৰ পৰা পোনে পোনে আহি  প্ৰথমে বঙাইগাঁও জিলা অসামৰিক চিকিৎসালয়লত উপস্থিত হয় আৰু চিকিৎসালয়খন পৰিদৰ্শন কৰে ৷ মন্ত্ৰীগৰাকীয়ে বিশেষকৈ অসামৰিক চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসালয়খনত নিৰ্মাণ কৰিবলৈ লোৱা আই চি ইউ কক্ষ পৰিদৰ্শন কৰে। লগতে অক্সিজেন জেনেৰেটিং প্লাণ্ট স্থাপনৰ স্থান পৰিদৰ্শন কৰি বিষয়টোৰো অগ্ৰগতিৰ বুজ লয় ৷ ইয়াৰ পিছতে  মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিধায়ক ফণীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মীপ্ৰিয়া, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল,অতিৰিক্ত উপায়ুক্ত( স্বাস্থ্য)ডা: চৈয়দ তহিদুৰ ৰহমানৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ সঞ্চালক ৰথীন্দ্ৰ ভূঞাঁ , বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা নীল মাধৱ দাসকে ধৰি উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এক  সভাত মিলিত হয়। সভাত স্বাস্থ্য মন্ত্ৰী মহন্তই বঙাইগাঁৱত থকা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীক আই চি ইউ কক্ষৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি লোকনিৰ্মাণ( গৃহ) বিভাগৰ মুখ্য অভিযন্তাক বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়ত আই চি ইউ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। সভাত জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই বঙাইগাঁও জিলাৰ বিজি কলনিত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰে। তদুপৰি ক'ভিড মহামাৰী নিয়ন্ত্ৰণৰ বাবে ছেনিটাইজেশ্যন কৰা,দেওবাৰে জিলাখনত লকডাউন দিয়া আদি ব্যৱস্থাৰ বিষয়েও উপায়ুক্তগৰাকীয়ে মন্ত্ৰীক অৱগত কৰে। 

Pic

ইপিনে, সভাৰ পিছতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজি বঙাইগাঁও জিলা অসামৰিক চিকিৎসালয় চালো ৷ তাত ক'ভিড ৰোগীসকল কেনে ধৰণে আছে সেয়া বুজ ললো ৷ লগতে আমি সিদ্ধান্ত গ্ৰহণ কৰিলো যে চিকিৎসালয়খনত এটা অক্সিজেন জেনেৰেটিং প্লাণ্ট স্থাপন কৰা হ'ব আৰু কাম আৰম্ভ কৰা হ'ব ৷ ইয়াৰ কাৰণে আইচিইউৰ যিখিনি ব্যৱস্থা সেইখিনি কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ আমি সেই কামখিনি অহা দহ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম ৷ এই কামখিনি আৰম্ভ হলেই আমি সদস্যহতে জম্বু চিলিণ্ডাৰেৰে আই চি ইউ আৰম্ভ কৰি দিম ৷ তাৰ পিছত যিটো অক্সিজেন জেনেৰেটিং প্লাণ্ট হ'ব এইটো তাতে সংযোগ হ'ব ৷ ইয়াৰ পৰা আমি বিশখন আই চি ইউ বেডৰ লগতে আন ত্ৰিশ ঠাইত অক্সিজেন দিব পাৰিম ৷ মুঠতে আমি পঞ্চাছখন বেডত অক্সিজেন দিব পাৰিম আৰু ইয়াৰ ফলত বঙাইগাঁৱত যিটো অভাৱ আছিল সেই অভাৱটো পূৰণ হ'ব ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয যে আমি দেখিছো যে জিলা প্ৰশাসন তথা উপায়ুক্তকে ধৰি চিকিৎসকসকল আৰু স্বাস্থ্য বিভাগ সকলোৱে বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ সমগ্ৰ বিষয়টো সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু পৰিচালনা কৰাৰ পৰিকল্পনাটো ইয়াত ভাল হৈছে ৷ লগতে কেৱল বঙাইগাঁও অসামৰিক চিকিৎসালয়ে নহয় জিলাখনৰ আন্যান্য হাস্পতালো ক'ভিড পৰিস্থিতিৰ সৈতে মুখামুখি হ'ব পৰাকৈ সাজু কৰি তোলা হৈছে আৰু যিখিনি ব্যৱস্থা লাগে সেয়া সম্পূৰ্ণ কৰি তোলা হৈছে  ৷  ইয়াত ৰে'লৱে ষ্টেচন থকাত বহু বাহিৰৰ পৰা যাত্ৰী আহে আৰু সেই যাত্ৰীসকলক টেষ্ট কৰাৰ পিছত আন আন জিলালৈ পঠিয়াবলগীয়া হয় ৷ ইয়াৰ বাবেও এটা সুচল ব্যৱস্থা কৰা হৈছে ৷ বঙাইগাঁও হ'ল নামনি অসমৰ এটা কেন্দ্ৰ ৷গতিকে ইয়াত আমি বাকী যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি আমি ক্ষীপ্ৰতাৰে কৰি সম্পন্ন কৰিম ৷ মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ চিকিৎসক, নাৰ্ছকে ধৰি সকলো স্বাস্থ্যকৰ্মীকে ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁলোকে উৎসৰ্গিত মনোভাৱেৰে কাম কৰি আছে ৷ তেওঁলোকে আনকি নিজৰ জীৱনকো তুচ্ছ কৰি যিদৰে কাম কৰিছে তাৰ বাবে ধন্যাবাদ জনাইছো ৷ 

আনহাতে, ৰাজ্যখনত প্ৰতিদিনে এক লাখ  লোকক ক'ভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰি বৃহস্পতিবাৰৰ পৰাই কমেও এক লাখকৈ ভেকচিন প্ৰদানৰ চেষ্টা কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ সেইদৰে ক'ভিডত মৃত্যু হোৱা প্ৰতিগৰাকী ৰোগীৰ বিপৰীতে এতিয়াৰে পৰা এক তদন্ত কৰা হ'ব বুলিও কয় ৷ মন্ত্ৰীগৰাকীয়ে কয় যে  ইয়াত ক'ত গাফিলতি থাকি গ'ল,ৰোগীজন ঘৰৰ পৰা চিকিৎসালয়লৈ অহাত পলম কৰিলে নে ঘৰত থাকোতে তেওঁৰ অক্সিজেন লেভেল ৫২ বা ৫০ লৈ কমি যোৱাৰ পিছত চিকিৎসালয়লৈ আহিছে ,নে আমাৰ যিখিনি প্ৰাথমিক চিকিৎসা সেইখিনি পোৱা নাই ,নে তেওঁৰ অন্য অসুস্থতা থকাৰ কাৰণে মৃত্যু হৈছে সেয়া তদন্ত কৰি মৃত্যু হোৱা ৰোগীজনৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব লাগিব ৷কাৰণ এনেকুৱাও হৈছে যে গুৱাহাটীলৈ নিয়া ৰোগী গুৱাহাটী পোৱাৰ পিছত চিকিৎসালয়ৰ ভিতৰলৈ সোমাবই পৰা নাই তাতে মৃত্যু হৈছে ৷ কোনো ৰোগী এঘণ্টা থকাৰ পিছত মৃত্যু হৈছে ৷ ইয়াৰ পৰা জানিব পাৰিছো যে তেওঁলোকৰ যোৱাত পলম হৈছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে স্পষ্ট কৰি দি কয় যে এতিয়াৰে পৰা জিলা প্ৰশাসনে বা স্বাস্থ্য বিভাগে কোনোবা এজন ব্যক্তিক প'জিটিভ বুলি জানিব পাৰিব তেতিয়া তেওঁক আমি হোম আইছ'লেশ্যচনে দিও বা ক'ভিড কেয়াৰ চেণ্টাৰতে ৰাখো সেই মুহূৰ্তৰ পৰা তেওঁক সম্পূৰ্ণ পৰ্যৱেক্ষণত ৰখা হ'ব,যাতে কোনো চিকিৎসা সেৱাৰ পৰা বিৰত থাকিবলগা নহয় ৷ ইপিনে চৰকাৰ গঠন কৰাৰ পিচতে মুখ্যমন্ত্ৰীকে ধৰি বাকী মন্ত্ৰীসকল ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বিভিন্ন জিলাত উপস্থিত হোৱা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে সকলো মন্ত্ৰীকে দায়িত্ব ভাগ কৰি দিছে আৰু সেই অনুসৰি একোজন মন্ত্ৰীক দুখন বা তিনিখন জিলালৈ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে যাবলৈ দিছে ৷ মুখ্যমন্ত্ৰীয়ে নিজে মাজুলীলৈ যাব আৰু তাৰ পিছত ডিব্ৰুগড়, তিনিচুকিয়াকে ধৰি যি যি ঠাইলৈ যাবলৈ বিবেচনা কৰে যাব ৷ মোকো স্বাস্থ্যমন্ত্ৰী হিচাপে ৰাজ্যখনৰ যি কোনো ঠাইত মোক দায়িত্ব দিয়াৰ উপৰিও যাবলৈ দায়িত্ব দিছে ৷ সেই কাৰণে মই বৃহস্পতিবাৰে নলবাৰী ,বৰপেটা জিলাৰ পৰা আহি বঙাইগাঁও জিলাত উপস্থিত হৈছো আৰু ইয়াৰ পৰা গোৱালপাৰা জিলালৈ যাম ৷ গতিকে ইয়াত থকা বাকী সমস্যাখিনি যিমান পাৰো ইয়াতে সমাধান কৰিব বিচাৰিছো। আমি নলবাৰীতো এটা অক্সিজেন জেনেৰেটিং প্লাণ্ট বহুৱাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেইটো অহা পোন্ধৰ দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ৷ সেইদৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত যিখিনি অভাৱ আছিল সেইখিনিও আমি জোৰা মাৰিবলৈ চেষ্টা কৰিছো আৰু অভাৱ দূৰ হ'ব ৷

উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ সময়ত স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়,জিলা উপায়ুক্ত তথা চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অলি চক্ৰৱৰ্তী তথা স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল ৷


 

Your Comments

Related Articles