বোৱঁতী কলং নৈক চোৱাৰ দুৰ্বাৰ হেঁপাহ পূৰণ নহ'ল হোমেন বৰগোহাঞিৰ

Homen Borgohain

#ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৩ মে':

কলং । নগাঁও চহৰৰ মাজেৰে বৈ গৈছে কলং নৈ । নগাঁও জিলাৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন হোৱা কলং নৈ নগাঁও আৰু মৰিগাঁও জিলাৰ মাজেৰে বৈ গৈ পুনৰ কাজলীমুখত ব্ৰহ্মপুত্ৰত পৰিছে । ১৯৬৪ চনতে বিভিন্ন কাৰণত কলং নৈৰ উৎসতে মথাউৰি বান্ধি নৈখনৰ গতি স্তব্ধ কৰি দিয়া হৈছিল । স্তব্ধ হৈ পৰিছিল কলংপৰীয়া সভ্যতা- সংস্কৃতিৰ লগতে অৰ্থনীতি । সত্তৰ দশকৰ পৰাই নগাঁও আৰু কলিয়াবৰৰ বিভিন্ন সংগঠন আৰু সচেতন লোকে কলং নৈক চিৰ প্ৰবাহিত কৰি ৰাখিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল । কলং নৈক নিয়ন্ত্ৰিত ৰূপত বোৱাই ৰখাৰ বাবে ৰাজ্যৰ প্ৰথিতযশা সাহিত্যিক তথা সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিয়ে পৰৱৰ্তী সময়ত ৰাজ্যজুৰি জনমত গঢ়াৰ প্ৰয়াস কৰিছিল । নৈখনৰ অপমৃত্যুত ব্যথিত হৈ পৰিছিল সাহিত্যিক- সাংবাদিকগৰাকী ।

Pic

কলং নৈ খন পুনৰ বোৱাবৰ বাবে বৰগোহাঞিয়ে অসমৰ মুখ্যমন্ত্ৰী, কেইবাজনো মন্ত্ৰী তথা সচেতন ব্যক্তিৰ লগত আলোচনা কৰিছিল । সংবাদ মাধ্যমৰ জৰিয়তে কলং নৈক বোৱাই ৰখা সন্দৰ্ভত জনমত গঢ়াৰ বাবে গুৱাহাটীকে ধৰি বিভিন্ন স্থানত হোৱা সভাসমূহত অংশগ্ৰহণ কৰাৰ লগতে বাতৰি কাকতত সাহিত্যিক-সাংবাদিকগৰাকীয়ে যুক্তি সহকাৰে নিজৰ মতামত প্ৰকাশ কৰি জনসাধাৰণক আৰ্কষিত কৰিছিল । প্ৰথিতযশা সাহিত্যিক- সাংবাদিক হোমেন বৰগোহাঞিৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু নগাঁও-কলিয়াবৰৰ ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২০২০ চনত অসম চৰকাৰে কলং নৈক বিজ্ঞানসন্মত আৰু নিয়ন্ত্ৰিত ৰূপত বোৱাই ৰাখিবৰ বাবে এক প্ৰকল্প শুভাৰম্ভ কৰে ।

Pic

 

১৩৫ কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা এই প্ৰকল্পৰ কাম সম্প্ৰতি চলি আছে । কিন্তু সাহিত্যিক-সাংবাদিক গৰাকীৰ নিয়ন্ত্ৰিত ৰূপত বোৱঁতী কলং নৈক চোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল । কিন্তু বৰগোহাঞিৰ আশা পূৰণ নহ'ল । নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে হোমেন বৰগোহাঞিয়ে । কলং নৈক পুনৰ বোৱাই ৰখাৰ বাবে সাংবাদিক- সাংবাদিকগৰাকীয়ে কৰা নিৰলস কৰা প্ৰচেষ্টা সুঁৱৰি আজি নগাঁও আৰু কলিয়াবৰৰ জনসাধাৰণ মৰ্মাহত হৈ পৰিছে । ইপিনে জলসম্পদ বিভাগে জনোৱা মতে বাৰিষাৰ পূৰ্বে কলং নৈৰে ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰিত ৰূপত হ'ব । জীপাল হৈ উঠিব কলংপৰীয়া সভ্যতা-সংস্কৃতি । টনকিয়াল হ'ব নৈ পাৰৰ অৰ্থনীতি । উল্লেখ্য যে হোমেন বৰগোহাঞিয়ে ৰাজ্য চৰকাৰে আৰম্ভ কৰা কলঙৰ নতুন প্ৰকল্পৰ বাবে তদানীন্তন বিত্তমন্ত্ৰী, এতিয়াৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তক প্ৰশংসা কৰিছিল ।

Your Comments