সামাজিক মাধ্যম ফেচবুকত লিখনিৰ জৰিয়তে সত্য ৰঞ্জন বৰাই অহৰহ কৰি আছে হিমন্ত মুখ্যমন্ত্ৰী হোৱাৰ বিৰোধিতা ৷ ফেচবুকৰ এক পোষ্টৰ জৰিয়তে তেওঁ ক’লে, “অসমত যদি কিবা কাৰণত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈয়ো যায় নহয় মই সত্য ৰঞ্জন বৰা বিজেপি অসম প্ৰদেশৰ বিৰুদ্ধে ঠিয় হোৱা প্ৰথমজন ব্যক্তি হ’ম ৷ আজিয়েই কৈ থ’লো।”
তেওঁ লগতে কয় “ইমানদিনে বিজেপিৰ সিদ্ধান্তৰ বিৰোধ কৰি আছিলো; এইবাৰ চৰিত্ৰহীনতাৰ বিৰোধ কৰিম আৰু চাম অসমৰ কিমান মানুহৰ স্বকীয়তা আছে আৰু কিমান মানুহ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বিক্ৰী যাব পাৰে। কোন কিমান আদৰ্শৰ লগত আছে তাৰো প্ৰমাণ হ’ব এইবাৰ।”
বৰাই পোষ্ট সমূহৰ জৰিয়তে নানান সমালোচনাৰে থকা-সৰকা কৰিছে হিমন্ত বিশ্ব শৰ্মাক ৷ তেওঁ লিখিছে যে অসমখন চৰিত্ৰহীন ক্ষমতালোভী এচামৰ ৰম্যভূমি হ’বলৈ নিদিয়ে ৷
- Log in to post comments
- 68 views