কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি শনিবাৰে পুৱাই দিল্লীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হ’ল। পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব চূড়ান্ত কৰিবলৈ শুক্ৰবাৰে নিশা দিল্লীলৈ কেন্দ্ৰীয় নেতৃত্বই তলব কৰিছিল সৰ্বা-হিমন্তক।
উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী পদৰ বাবে দাবীদাৰ দুই গৰাকী নেতাৰ লগত দিল্লী যাত্রাত সোণোৱালৰ পক্ষত বিমল বৰা আৰু শৰ্মাৰ পক্ষত গৈছে তৰংগ গগৈ।
গুৰুত্বপূৰ্ণ খবৰ এই যে, দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ সৈতে পুৱা ১০.৩০ বজাত অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ নিৰ্বাচন কৰা বৈঠক।
বৈঠকত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃত্ব। উক্ত বৈঠকতে যি কোনো এজনক নিৰ্বাচিত কৰা হ’ব মুখ্যমন্ত্ৰী হিচাপে।
- Log in to post comments
- 41 views