অবাধ বন ধবংসৰ পৰিণতিঃলোহাৰঘাটত জনাঞ্চললৈ বিলুপ্তপ্ৰায় লাজুকী বান্দৰ

Pic

#নুৰুল ইছলাম,চানডুবিঃ

সম্প্ৰতি অবাধ গতিত অব্যাহত আছে বন ধবংস ৷ যাৰ বাবে ৰাজ্যৰ বনভূমিৰ ঐতিহ্য বহন কৰি অহা অনেক দুষ্পাপ্য প্ৰজাতিৰ বনৰীয়া জীৱ-জন্তুৱে জীয়াই থকাৰ তাড়নাত বন-বননিৰ মোহ ত্যাগ কৰি জনাঞ্চললৈ ঢাপলি মেলিছে।উদাহৰণ স্বৰূপে পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ লোহাৰঘাটৰ জনাঞ্চলত শনিবাৰে নিশা ঘূৰি ফুৰা অৱস্থাত উদ্ধাৰ কৰা হয় এটি বিলুপ্তপ্ৰায় লাজুকী বান্দৰ৷

স্থানীয় লোকে  প্ৰত্যক্ষ কৰাৰ পিছত আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই উক্ত খবৰটো লাভ কৰি অতি তৎপৰতাৰে বন বিভাগৰ স’তে বান্দৰটো উদ্ধাৰ কৰি ৩ মে'ত চানডুবিৰ গভীৰ অৰণ্যত মুকলি কৰি দিয়ে৷

Your Comments