ক’ৰ’নাৰ দ্বিতীয় ঢৌত ধ্বংসাত্মক ৰূপ লৈছে ভাৰতত পোৱা নতুন ষ্টেইনে । পুনৰ চিন্তা বঢ়াইছে নতুন এই ষ্ট্ৰেইন প্রায় ১৭খন দেশত পোৱাৰ কথাই। মঙ্গলবাৰে এই কথা ব্যক্ত কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। ক’ভিডৰ B.1.617 প্রজাতিটো প্রথম পোৱা গৈছিল ভাৰতত। ক’ৰ’নাৰ দ্বিতীয় ঢৌত অভিযোজিত হৈ অধিক ভয়াবহ হৈছে এই মাৰাত্মক ভাইৰাছবিধ। মঙ্গলবাৰে সেই ষ্টেইন এইবাৰ তেওঁলোকৰ দেশত পোৱা গৈছে বুলি GISAID ডেটাবেছে ১৭খন দেশৰ তথ্যও আপলোড কৰিলে। WHOএ জনাইছে, মহামাৰীৰ সাপ্তাহিক আপডেটত ক’ভিডৰ ভাৰতীয় ষ্ট্ৰেইনৰ অধিকাংশ ছিকোয়েন্সেই ভাৰতৰ লগতে ব্রিটিছ যুক্তৰাজ্য, মার্কিন যুক্তৰাষ্ট্র আৰু ছিঙ্গাপুৰৰপৰা আপলোড কৰা হৈছে।
উল্লেখ্য, নিজৰ বৈশিষ্ট্য সলাই অধিক মাৰাত্মক হৈছে ক’ৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন। অধিক সংক্রামক, মাৰণাত্মক আৰু ভেক্চিনৰ প্ৰভাৱতো হাৰ নমনা এই প্রজাতিৰ ভাৰতত ইতিমধ্যে ধ্বংসাত্মক প্রভাৱ পৰিলক্ষিত হৈছে। কেৱল মঙ্গলবাৰেই চাৰে তিনি লাখ লোক আক্রান্ত হৈছে।
WHOৰ মতে, ক্রমশঃ চৰিত্র সলোৱা এই ভাইৰাছৰ ওপৰত গৱেষণা চলাই যাব লাগিব। ভাৰতত সকলোতকৈ অধিক হাৰত সংক্রমণ বাঢ়িছে এই প্রজাতিৰ মাধ্যমেৰেই। বাকী প্রজাতিসমূহেও চৰিত্র সলাব পাৰে বুলি কোৱাই বাহুল্য। এই পৰিস্থিতিক অধিক দুৰ্বিষহ কৰি তুলিছে অক্সিজেন সঙ্কট, দুর্বল স্বাস্থ্য, দুৰ্বল চিকিৎসা ব্যৱস্থা আদি বোৰে। সকলো মিলি সচেতন নহ’লে সন্মুখত ভয়াবহ বিপদ অপেক্ষা কৰিছে বুলি নিশ্চিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷
- Log in to post comments
- 19 views