আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে যোৱা ২০ জানুৱাৰীত শপত গ্ৰহণ কৰিছিল জো বাইডেনে ৷ অহা ৩০ এপ্রিলত তেওঁৰ শাসনৰ প্রথম ১০০ দিন সম্পূৰ্ণ কৰিব। ইয়াৰ মাজতে জানিবলৈ পোৱা গৈছে, 'আনপপুলাৰ' ৰাষ্ট্ৰপতি সমূহৰ তালিকাত ডোনাল্ড ট্রাম্প আৰু জেৰাল্ড ফোর্ডৰ পিছতে আছে বাইডেনৰ নাম।
শাসনৰ প্রথম ১০০ দিন সন্মুখত ৰাখি সেই দেশৰ দুটা সংবাদমাধ্যমে এটা যৌথ সমীক্ষা চলাইছিল। তাত দেখা গৈছে, বাইডেনৰ ১০০ দিনৰ কৰ্মৰাজিক সমর্থন কৰিছে ৫২ শতাংশ মার্কিন নাগৰিকে। সেই হিচাপে, বিগত ১০০ বছৰত দায়িত্ব পালন কৰা মার্কিন ৰাষ্ট্ৰপতিসমূহৰ ভিতৰত বাইডেনৰ জনপ্রিয়তা তৃতীয় সর্বনিম্ন। এপ্রিলৰ তৃতীয় সপ্তাহত ১ হাজাৰ প্রাপ্তবয়স্ক মার্কিন নাগৰিকক লৈ টেলিফোন যোগে সমীক্ষাটো চলোৱা হৈছিল।
- Log in to post comments
- 16 views