ভাৰতৰ সৈতে অহা সোমবাৰৰপৰা স্থলপথৰ সকলো যোগাযোগ বন্ধ কৰাৰ কথা ঘোষণা কৰিল বাংলাদেশে।
ভাৰতত ক’ৰ’না-পৰিস্থিতি ক্রমশঃ বেয়াৰ ফালে ঢাল খাইছে। এই সন্দৰ্ভত আন্তর্জাতিক ভাৱে বহুলোকে নিজৰ উদ্বেগ প্রকাশ কৰিছে। বাংলাদেশেও উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ ক’ৰ’না পৰিস্থিতিক লৈ। এইবাৰ বাংলাদেশ চৰকাৰে স্থলপথ যোগাযোগ সাময়িক ভাৱে বন্ধৰ কথা ঘোষণা কৰিলে। এই বন্ধ প্ৰায় ১৪ দিনৰ বাবে বলবৎ থাকিব। ইয়াৰ আগতে ভাৰতৰ সৈতে আকাশপথৰ চলাচল বন্ধ কৰিছে তেওঁলোকে। তেওঁলোকে জনাইছে, ভাৰতত ক’ৰ’না পৰিস্থিতিৰ অৱনতি হোৱাত বাংলাদেশ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিলে।
বাংলাদেশৰ তৰফৰপৰা জনোৱা হৈছে, ভাৰতত ক’ৰ’না সংক্রমণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত। এই ১৪ দিন দুইদেশৰ যাত্রীসকলৰ যাতায়াত বন্ধ থাকিলেও পণ্যবাহী যান চলিব।
ভাৰতত যোৱা তিনি দিনত প্রায় ১০ লাখ মানুহৰ দেহত ক’ৰ’না সংক্রমিত হৈছে। শনিবাৰ পর্যন্ত বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে প্রায় ৪ লাখ লোক। ভাৰতৰ ৰাজধানী দিল্লীৰ চিকিৎসালয় সমূহত ক’ভিড ৰোগীসকলৰ বাবে অক্সিজেনৰ নাটনি পৰিস্থিতি সৃষ্টি হৈছে।
আনহাতে, মার্চৰ শেষৰপৰা বাংলাদেশতো ক’ৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌ আহিছে ।
- Log in to post comments
- 16 views