উত্তাল ভূমধ্যসাগৰত ১৩০ জন শৰণার্থী লৈ গৈ ওলটি ডুবি গ’ল ৰবৰৰ নাও। ইতিমধ্যে ১০ জনৰ ভাসমান মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি ফ্রান্সৰ সমাজসেৱী সংস্থা SOS Mediterranee-এ জনাইছে। উক্ত সংস্থাৰ এক মুখপাত্রই জনাইছে, ৪০ জন শৰণার্থীৰ এখন কাঠৰ নাও এতিয়াও নিখোঁজ হৈ আছে। সংবাদসংস্থা সূত্রে খবৰ পোৱা গৈছে, বুধবাৰে উত্তাল ভূমধ্যসাগৰত তিনিখন নাও বিপদৰ মুখত পৰে। খবৰ পোৱাৰ লগে লগে ৬ ফুট ঢৌৰ উত্তাল সমুদ্রত অভিযান চলাই উক্ত সংস্থাটোৱে। লিবিয়াৰ ত্রিপলিৰপৰা উত্তৰপূর্বৰ আন্তর্জাতিক জলসীমাত সংস্থাৰ নিজা জাহাজ Ocean Vikingৰ সহায়েৰে উদ্ধাৰ অভিযান চলাইছে। তিনিখন বাণিজ্যিক জাহাজে এই অভিযানত সহায় কৰিছে ।
SOS Mediterranee জনাইছে,MY ROSE নামৰ বাণিজ্যিক জাহাজখনে প্রথমে পানীৰপৰা ৩টা মৃতদেহ উদ্ধাৰ কৰে। Frontex নামৰ বিমানখনৰপৰা ডুবি থকা ৰবৰৰ নাওখন দেখা পোৱা যায়। Ocean Vikingএ ঘটনাস্থলীত উপস্থিত হৈ ১০টা মৃতদেহ উদ্ধাৰ কৰে। জীৱিত অৱস্থাত কোনো লোকক দেখা পোৱা নাই। অন্যখন নাৱৰ এই পর্যন্ত কোনো সন্ধান পোৱা হোৱা নাই।
দাৰিদ্রতাৰ বাবে আৰু যুদ্ধৰপৰা পলাই উন্নত জীৱনৰ আশাত লিবিয়া হৈ বহু শৰণার্থীয়ে মৰণক শৰণ দি সৰু সৰু নাৱত ভূমধ্যসাগৰ পাৰ কৰি ইউৰোপত উপস্থিত হোৱাৰ চেষ্টা কৰে। বিপদসঙ্কুল এই পথ পাৰ কৰিবলৈ গৈ বহু শৰণার্থী সমুদ্রত ডুবি মৃত্যু মুখত পৰে। এই বছৰো ভূমধ্যসাগৰ পাৰ কৰিবলৈ গৈ চাৰে তিনিশৰো অধিক শৰণার্থী মৃত্যু মুখত পৰিছে বুলি জনাইছে SOS Mediterraneeএ ।
- Log in to post comments
- 9 views