ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ভিড আক্রান্তৰ সংখ্যা।সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ আক্রান্ত হৈছে ১৩৬৭ গৰাকী লোক।মুঠ আক্রান্তৰ ৪৮২ গৰাকী কামৰূপ(ম) জিলাত চিনাক্ত হৈছে।
উল্লেখ্য যে, কামৰূপ মহানগৰ জিলাত আক্রান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধিয়ে চিন্তিত কৰিছে চৰকাৰৰ স্বাস্থ্য বিভাগক।
সোমবাৰৰ দিনটোত ৬৫,৪১০টা টেষ্ট কৰা হৈছিল।আক্রান্তৰ হাৰ ২.০৯শতাংশ।
টুইট যোগে এই তথ্য প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
- Log in to post comments
- 24 views