মুখ্যমন্ত্ৰীৰ বাসগৃহত ক'ভিড সন্দৰ্ভত কি কি আলোচনা হ'ল পঢ়ি জানি লওঁক

Meeting

*মঙলবাৰে ৰাজ্যত প্ৰকাশ পাব ক'ভিড প্ৰতিৰোধৰ নতুন নিৰ্দেশনা*

ক'ৰ'নাৰ দ্ৰুত বৃদ্ধিত উদ্বিগ্ন ৰাজ্য চৰকাৰ ৷ উজানবজাৰস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মিলিত হয় জৰুৰী বৈঠক । ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, কামৰূপ(ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা প্ৰমুখ্যে প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উক্ত বৈঠকত উপস্থিত থাকে।

ৰাজ্যখনৰ শেহতীয়া কভি'ড-১৯ৰ দ্ৰুত বৃদ্ধি সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়।বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজক আহ্বান জনাই কয়- “পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলক।অসমৰ প্ৰতিগৰাকী নাগৰিকক ক'ৰ’নাৰ পৰা ৰক্ষা কৰাতো আমাৰ প্ৰধান দায়িত্ব” ৷ লগতে জনতাক সামাজিক দূৰত্ব মানি চলি মাস্ক পৰিধান, হাত চেনিটাইজ কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

Meeting

আনহাতে মঙলবাৰে মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ক'ৰ’নাৰ নতুন নিৰ্দেশনাসমূহ সংবাদমেল যোগে সোনকালে ঘোষণা কৰাৰ কথা বৈঠকৰ অন্তত জানিবলৈ দিয়ে। 

উল্লেখ্য জৰুৰী বৈঠকত সকলো দিশ আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে সোণোৱালে।

ইফালে ৰাজ্যৰ  উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰা নকৰা সন্দৰ্ভতো মঙলবাৰে ঘোষণা কৰিব বুলি জানিবলৈ দিয়া হয় বৈঠকৰ অন্তত।

পূৰ্বৰ দৰে পৰিস্থিতি সৃষ্টি যাতে নহয় তাৰ বাবে ৰাইজে সকলো নীতি-নিৰ্দেশনা মানি চলিব লাগিব বুলি সোণোৱালে লগতে কয়।

আনহাতে ৰাজ্যত পুনৰ লক্‌ডাউন হ’ব নেকি বুলি কৰা সাংবাদিকৰ প্ৰশ্নত তেওঁ কয়- তেনে পৰিস্থিতি সৃষ্টি নহ’ব , ৰাইজে নীতি নিৰ্দেশনা মানি চলক।

Your Comments