আজীৱন শিক্ষাব্ৰতী,প্ৰাক্তন অধ্যক্ষ কনক চন্দ্ৰ হালৈক সাহিত্যৰথী সাহিত্য সভাৰ বিশেষ সম্বৰ্ধনা

Pic

অশীতিপৰ আজীৱন শিক্ষাব্ৰতী,বৰভাগ কলেজৰ প্ৰাক্তন অধ্যক্ষ কনক চন্দ্ৰ হালৈক সাহিত্যৰথী সাহিত্য সভাই যোৱা ১৮ এপ্ৰিলত ৰঙালী বিহু উপলক্ষে বিশেষভাৱে সম্বৰ্দ্ধনা জনায়।বিশিষ্ট শিক্ষাব্ৰতীজনে জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতৰ বাসগৃহত সম্বৰ্দ্ধনা জনোৱা হয়।

Pic

বৰ্তমান চিকিৎসাধীন হৈ থকা হালৈৰ আৰোগ্য কামনা কৰাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি 'সম্বৰ্দ্ধনা পত্ৰ'খন প্ৰদান কৰা হয়। পত্ৰখনি পাঠ কৰে কাৰ্যনিবাহক সদস্যা মৃদু গোস্বামীয়ে।সাহিত্যৰথী সাহিত্য সভাৰ হৈ  সভাপতি অতুল তামুলী,সম্পাদক যোগেন্দ্ৰ কুমাৰ কলিতাই শৰাইত সম্বৰ্দ্ধনা পত্ৰখন এখন ফুলাম গামোচাৰে সৈতে সেৱা জনাই আগবঢ়ায় আৰু উপস্থিত উপদেষ্টা দীনেশ চন্দ্ৰ দাস,মহেশ্বৰ বৰা,ৰুবুল গোস্বামী,জ্যোতিষ দাস আৰু বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰ ইয়াত অংশগ্ৰহণ কৰে।

কনক চন্দ্ৰ হালৈৰ বিদূষী সহধৰ্মিনী,লেখিকা প্ৰফুল্লী তালুকদাৰে সকলোকে চাহ-জলপানেৰে আপ্যায়িত কৰাৰ লগতে সকলোকে একোখনকৈ বিহুৱানেৰে আদৰণি জনায় ।

Your Comments