#বকোৰ পৰা বিষ্ণু ৰাম দাস:
সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাখন আজি ধুবুৰী জিলাৰ চাপৰত অনুষ্ঠিত হয়। চাপৰৰ মা মহামায়া হোটেলৰ সভাগৃহত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি কিশোৰ জ্যোতি ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত কৰা হয় কাৰ্য্যনিৰ্বাহক সভাখন। সংগঠনটোৰ সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে আঁঁত ধৰা কাৰ্য্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত কেইবাখনো জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।
উল্লেখ্য যে সভাত গুৱাহাটী জিলা কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি বিষ্ণু ৰাম দাস,বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি হিতেশ চন্দ্ৰ সিংহ,সম্পাদক জয়ন্ত সিংহ,বিলাসীপাৰা জিলা সমিতিৰ সভাপতি / সম্পাদক,উত্তৰ শালমাৰা জিলাৰ বিষয়ববীয়াসকল,গোৱালপাৰা জিলাৰ সম্পাদকসহ বিষয়ববীয়াসকল উপস্থিত থাকে। সভাত কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত আলোকপাত কৰে আৰু কেন্দ্ৰীয় সমিতিখন কোচ ৰাজবংশী জনগোষ্ঠীৰ আবেগ- অনুভূতিৰ-দাায়ৱদ্ধতাৰে সাংগঠনিকভাৱে শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ অধীনৰ জিলা সমিতি সমুহ পুনৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি জিলা সমিতিলৈ পত্ৰ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত কোচ ৰাজবংশীসকলৰ বাবে চৰকাৰে গঠন কৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদখন সন্দৰ্ভত বহলাই আলোচনা কৰা হয়। সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদখন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা এলেকাৰ লোকৰ দ্বাৰা গঠন কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা হয় আৰু পৰৱৰ্তী কালত বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে উপদেষ্টা ত্ৰিদীপপতি সিংহই। সভাত বহুকেইগৰাকী বিষয়ববীয়াই চৰকাৰে গঠন কৰা পৰিষদখন পৰিষদৰ বাহিৰৰ ব্যক্তিৰ দ্বাৰা গঠন কৰাৰ বিৰোধিতাৰে ক্ষোভ উজাৰে। ইফালে কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ যি দুভাগত সংগঠন চলি আছে ইয়াক অতি শীঘ্ৰে একত্ৰিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মিলন কুমাৰ দাসে সাংগঠনিক দিশ সুদৃঢ় কৰিবলৈ আহ্বান জনায় জিলা সমিতিৰ বিষয়ববীয়াসকলক। সভাতে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই ক্ষেত্ৰত আজিৰ সভাতেই অহা নৱেম্বৰ মাহৰ ভিতৰত কেন্দ্ৰীয় সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।
- Log in to post comments
- 27 views