যাতনাৰ আন এটা নাম পাগলাদিয়াৰ দলং:পাঁচ বছৰতো সম্পূৰ্ণ নহ'ল সন্ধা-বৰকুৰা পথ নিৰ্মাণৰ কাম

Pic

*ঠিকাদাৰ আগৰৱালাৰ হেমাহিত হাজাৰ হাজাৰ পথচাৰীয়ে ভুগিছে যমৰ যাতনা*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

যাতনাৰ যেন অন্য এক নাম হৈ পৰিছে নলবাৰীৰ পাগলাদিয়াৰ পাৰ।বিগত পাঁঁচটা বছৰে পূব প্ৰান্তৰ সমগ্ৰ নলবাৰীবাসীয়ে চলাচলৰ ক্ষেত্ৰত ভুগি আহিছে নৰক যন্ত্ৰণা। অভিযোগ অনুসৰি ঠিকাদাৰৰ হেমাহিৰ বাবে নিতৌ হাজাৰ-হাজাৰ পথচাৰীয়ে যন্ত্ৰণাৰ মাজেৰে নিতৌ অহা-যোৱা কৰিব লগা হৈছে । 'ডাবল ইঞ্জিন' চৰকাৰৰ দিনতো কেইকিলোমিটাৰমান পথ নিৰ্মাণৰ কাম পাঁঁচ বছৰতো সম্পূৰ্ণ নোহোৱাৰ ঘটনাই ৰাইজৰ চকু কপালত তুলিছে ।

উল্লেখযোগ্য যে সৰ্বা চৰকাৰে কাৰ্যভাৰ লৈয়ে ২০১৬ চনত নলবাৰী চহৰত প্ৰৱেশ কৰা গুৰুত্বপূৰ্ণ পথটো বহল কৰাৰ বাবে আঁঁচনি গ্ৰহণ কৰে । বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত সন্ধাৰ পৰা নলবাৰী চহৰৰ মাজেৰে বৰকুৰালৈ প্ৰায় চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কামৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰে ।পূৰ্বৰ পথটো বহল কৰি পাগলাদিয়া নদীত এখন দলং,জোনোপাৰৰ জান এটাৰ ওপৰত এখন দলঙৰ নিৰ্মাণৰ বাবে ধন ধাৰ্য কৰে প্ৰায় ৩২ কোটিৰ অধিক টকা ।

ইফালে কামৰ দায়িত্ব লাভ কৰে জনৈক আগৰৱালা নামৰ এজন ঠিকাদাৰে।দুখৰ বিষয় এইটোৱেই যে কামখিনি আজি পাঁঁচটা বছৰতো সম্পূৰ্ণ নহ'ল । ফলত নলবাৰীলৈ নিতৌ অহা-যোৱা কৰা শ শ শ্ৰমিক, কৰ্মচাৰী, ছাত্ৰ, তথা সাধাৰণ পথচাৰীৰ লগতে যান-বাহনৰ চলাচলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । তদুপৰি অঞ্চলটোত সৃষ্টি হোৱা ধূূলি-বোকাই পৰিৱেশ বিনষ্ট কৰিছে।জানি আচৰিত হ'ব, পাঁঁচটা বছৰে ওচৰতে থকা গাওঁ জানোপাৰবাসীয়ে ধূলি -বোকাৰ লগত সহাৱস্থান কৰিব লগা হৈছে ।

অভিযোগ অনুসৰি ধূলিময় হ'লেও নিয়ম মতে পানী চটিয়াই চলাচলৰ উপযোগী কৰিব লাগে, এই কামখিনিও ঠিকাদাৰে সম্পন্ন নকৰে । লেহেমীয়া হোৱাৰ ফলত ইতিমধ্যে চৰকাৰী ধনৰ খৰচ বৃদ্ধি হোৱাটো স্বাভাৱিক । ইফালে, পাগলাদিয়াৰ দলঙৰ এটা খুটা বহি যোৱাৰ গইনা লৈ ঠিকাদাৰে মুনাফা লাভৰ পাং পাতিছে বুলিও ৰাইজে অভিযোগ কৰিছে । চাৰিটা খুটাৰ দলং এখন নিৰ্মাণৰ হেমাহিৰ বাবেই পথটোত ৰাইজে যন্ত্ৰণা ভুগি আহিছে ।ফলত যানজঁটৰ ঘটনাই বিভিষীকাৰ সৃষ্টি কৰিছে ।

বিভাগীয়ভাৱে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰে কামখিনি সম্পূৰ্ণ কৰি চলাচলৰ ব্যৱস্থা সুচল কৰাৰ বাবে ৰাইজে দাবী জনাইছে । উল্লেখযোগ্য যে নলবাৰী চহৰত প্ৰৱেশ কৰা মুল তিনিটা পথেই ক্ৰমে,সন্ধা-নলবাৰী, গণেশ মন্দিৰ- নলবাৰী আৰু বৰকুৰা- নলবাৰীত অভাৰব্ৰীজ নিৰ্মাণৰ ফলত চলাচল তথা যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছে । এনেদৰে ঠিকাদাৰৰ লেহেমীয়া কাম-কাজত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Your Comments