ক'ৰ'না সংক্ৰমণৰ দ্ৰুত বৃদ্ধি:বেলতলা ব'হাগী উৎসৱ বাতিল

Pic

ক'ৰ'নাৰ জটিল পৰিস্থিতিত বাতিল গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বেলতলা ব'হাগী উৎসৱ।অহা ২৩,২৪ আৰু ২৫ এপ্ৰিলত তিনিদিনীয়াকৈ ৪৩ সংখ্যক বেলতলা ব'হাগী উৎসৱ আয়োজনৰ দিন ধাৰ্য কৰা হৈছিল।কিন্তু শেহতীয়াভাৱে ক'ভিড-১৯ৰ দ্ৰুত সংক্ৰমণ বৃদ্ধিৰ লগতে প্ৰশাসনৰ নিশা ১১বজাত বিহু অনুষ্ঠান সামৰণিৰ কঠোৰ স্থিতিৰ বাবে কাৰ্যসূচী বাতিল কৰা কথা সংবাদমেল যোগে ঘোষণা কৰে আয়োজন সমিতিয়ে।

প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি নিশা ১১বজাত অনুষ্ঠান শেষ কৰাটো সম্ভৱ নহয়।ইয়াৰ উপৰিও বিহুৰ আয়োজনস্থলীত সামাজিক দূৰত্ব সম্ভৱ নহয়।গতিকে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যসূচী বাতিল কৰা বুলি জানিবলৈ দিয়ে।

উল্লেখ যে ব'হাগী উৎসৱখনৰ তিনিদিনীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত জনপ্রিয় শিল্পী জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত,শংকুৰাজ আৰু মহালক্ষ্মীৰ অনুষ্ঠান আছিল।

Your Comments