ৰঙালী বিহুৰ বতৰা দিবলৈ বনকৰ্মীৰ মাজত কলিয়াবৰ প্ৰেছ ক্লাব

Pic

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

হাবিয়ে-বননিয়ে দিন-ৰাতি একাকাৰ কৰি কৰ্তব্য সম্পাদন কৰা বনকৰ্মীসকল বিহুৰ আনন্দৰ পৰা বহু নিলগত। শবাপতি সাহোন ৰঙালী বিহুটি অতি আনন্দৰে ৰাজ্যখনৰ চৌদিশে উদযাপন কৰি থকাৰ সময়তে কিন্তু এইসকল বনকৰ্মীয়ে বনজ সম্পদ তথা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিজৰ পৰিয়াল, ঘৰ-সংসাৰ ত্যাগ কৰি গভীৰ অৰণ্যৰ মাজত, দুৰ্গম অঞ্চলত সম্পাদন কৰি গৈছে নিজৰ কৰ্তব্য। পহিলা ব'হাগত এইসকল বনকৰ্মীক ৰঙালী বিহুৰ কিছু আনন্দ প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি বুঢ়াপাহাৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় কলিয়াবৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়া।

Pic

পুৱা ১০ বজাত কাৰ্যালয়ত উপস্থিত হৈ বনকৰ্মীসকলক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ উলগ জনায়। আঞ্চলিক বন বিষয়া প্ৰদীপ গোস্বামীয়ে ক্লাবৰ এনে প্ৰচেষ্টাৰ আদৰণি জনাই আৰু এই দিনটো বনকৰ্মীৰ বাবে চিৰস্মৰণীয় দিন হৈ ৰ'ব বুলি কয়।লগতে,ৰাজ্যখনৰ সম্পদসমূহ সুৰক্ষা দি যাবৰ বাবে ই এক প্ৰেৰণাৰ উৎস হৈ ৰ'ব বুলি বিষয়াগৰাকীয়ে  মন্তব্য আগবঢ়ায়। কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াই আঁঁত ধৰা অনুষ্ঠানটোত কলিয়াবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা নিপেন চন্দ্ৰ কেওঁতে এই বিহুৰ দিনটোতো ৰাজ্যখনৰ বনজ সম্পদক সুৰক্ষা দিয়াৰ বাবে দিনে-নিশাই কৰ্তব্য পালন কৰাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিহুৰ উলগ জনায়।অনুষ্ঠানত উপ-সভাপতি তৰুণ মুক্তিয়াৰ, সম্পাদক জয়ন্ত শৰ্মা, স:সম্পাদক প্ৰদীপ লস্কৰ, সদস্য ক্ৰমে গৌতম বৰা, ৰূপজ্যোতি গোস্বামী, পঙ্কজ শইকীয়াই, ৰিদিপ শৰ্মাকে ধৰি কেইবাগৰাকীও সদ্স্য উপস্থিত থাকে।

অনুষ্ঠানত কলিয়াবৰ প‌্ৰেছ ক্লাবে লগত লৈ যোৱা বিহুৰ জলপান সকলোৱে একেলগে গ্ৰহণ কৰি আনন্দত আত্মহাৰা হৈ পৰে আৰু ঘৰখন ইয়াতেই পালোঁ বুলি মনৰ কথা ব্যক্ত কৰে বনকৰ্মীসকলে । জলপান পৰ্বৰ অন্তত সকলোৱে বিহু গীতৰ  তালে তালে বিহু নৃত্য প্ৰদৰ্শন কৰি বাপতি সাহোন ৰঙালী বিহুটি যে সকলোৰে আত্মাৰ বিহু তাৰে পৰিচয় দিলে এই বুলি গায়- 
"মোৰ ধন কলীয়া
আলাসৰ দেৱতা
নিলগত আছিলা ৰৈ
কলিমতিক‌ লগ পাই
ৰঙালীক লগত লৈ
কলিয়াবৰতে ৰহিলা ঐ"

 

Your Comments