*শিল্পীৰ ৰূপত বকো আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়*
#বকোৰ পৰা বিষ্ণু ৰাম দাস:
বিগত বছৰবোৰৰ দৰে এই বৰ্ষতো কামৰূপ জিলাৰ বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে আয়োজন কৰিছে চাৰিদিনীয়া বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে ব'হাগী উৎসৱৰ।১৪ এপ্ৰিলৰ পৰা শুভাৰম্ভণি হোৱা বিহু উদযাপনৰ ভিন্ন কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ১৫ এপ্ৰিলৰ সন্ধিয়া পৰত অনুষ্ঠিত কৰা হয় সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান।
বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনী উদযাপন সমিতিৰ সভাপতি প্ৰবীণ তালুকদাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিহুৰ মঞ্চ। ইয়াৰ পিছতে চাইৰিং জেৰেঙা বিহু দলৰ শিল্পীৰ দ্বাৰা মঞ্চ উদ্ধোধনী বিহু প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে আৰম্ভ হয় স্থানীয় শিল্পীৰ গীত-মাতৰ বৰ্ণাঢ্য অনুষ্ঠান। সাংবাদিক গোবিন্দ দলৈয়ে সঞ্চালনা কৰা সাংস্কৃতিক অনুষ্ঠানত ৰিয়া দাস,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যুৱ শিল্পী ৰাম কিষাণ দাসৰ উপৰিও উদীয়মান শিল্পীসকলে গীত পৰিৱেশন কৰে।
আনহাতে,সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে।আৰক্ষী বিষয়া ৰয়ে ভাৰত ৰত্ন ড:ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে।আৰক্ষী বিষয়াজনৰ গীতে মোহাছন্ন কৰে বিহুৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত দৰ্শকসকলক।ইফালে, চৰকাৰী নীতি-নিৰ্দেশনা অনুসাৰে ক'ভিড প্ৰটকল মানি নিশা ১১ বজাতে অনুষ্ঠানৰ সামৰণি মাৰে উদযাপন সমিতিয়ে।
- Log in to post comments
- 124 views