দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ ৩৭ সংখ্যক অধিৱেশন সম্পন্ন

*নতুন সমিতিৰ সভাপতি দীপৰ বড়ো আৰু সম্পাদক দুৰ্গেশ্বৰ বড়ো*

#বকোৰ পৰা বিষ্ণু ৰাম দাস: 

ট্ৰাইবেল সংঘ,অসমৰ অন্যতম জিলা সমিতি দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ ৩৭ সংখ্যক বৰ্ষৰ ত্ৰি বাৰ্ষিক অধিবেশন খন যোৱা ১১ এপ্ৰিলত অনুষ্ঠিত হৈ যায়।

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গোৱৰ্ধন প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱা জিলা ট্ৰাইবেল সংঘৰ বাৰ্ষিক অধিৱেশনৰ কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰাৰ পিছতে সংঘৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক তথা জিলা সমিতিৰ তত্বাৱধায়ক বিপুল ৰাভাৰ তৎপৰতাত ট্ৰাইবেল সংঘৰ সাংগঠনিক দিশ আৰু ইয়াৰ লক্ষ্য - উদ্দেশ্যৰ সন্দৰ্ভত আলোকপাত কৰাৰ উপৰিও অন্যান্য কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছতে জ্যেষ্ঠ সমাজকৰ্মী নাৰায়ণ প্ৰসাদ ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ জড়িয়তে বিষয় বাচনি পৰ্বৰ দ্বাৰা দীপৰ বড়োক সভাপতি ; উপ-সভাপতি হীৰেণ বড়ো ; আইকণ বড়োকে ধৰি কেইবাজনো আৰু দুৰ্গেশ্বৰ বড়োক সম্পাদক হিচাপে লৈ গঠন কৰে দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ পৰিচালনা সমিতিখন।

ট্ৰাইবেল সংঘৰ অন্যতম সদস্য বন্দাপাৰাৰ প্ৰফুল্ল ৰাভাই জনোৱা মতে  মুঠ আঠখন প্ৰাথমিক শাখাৰ প্ৰতিনিধিৰ উপস্থিতিত গঠন হোৱা সমিতিখনে পৰৱৰ্তী কালত সংঘৰ জিলা সমিতিৰ জড়িয়তে জনগোষ্ঠীৰ লোকসকলৰ স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব। ইফালে সংঘৰ অধিৱেশন অনুষ্ঠিত হোৱা সন্দৰ্ভত বড়ো ছাত্ৰ নেতা সনিন্দ্ৰ বড়োই জনোৱা মতে সাধাৰণ সভাত সভাপতি/সম্পাদকৰ পদবীৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। সভাপতি পদৰ প্ৰাৰ্থী ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী আৰু সংঘৰ কাৰ্যনিৰ্বাহক দীপৰ বড়োৰ মাজত ভোটৰ জড়িয়তে দীপৰ বড়োক সভাপতি নিৰ্বাচিত কৰা হয়।লগতে বিমল ৰাভা আৰু দুৰ্গেশ্বৰ বড়োৰ মাজত সম্পাদকৰ পদবীৰ বাবে ভোট দান কৰে আৰু দূৰ্গেশ্বৰ বড়ো জয়ী হয়।

অনাগত দিনত সংগঠনটোৱে জনগোষ্ঠীসমূহৰ আশা- আকাংক্ষা পূৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

  

Your Comments