বকোৰ পৰা বিষ্ণু ৰাম দাস,১৪ এপ্ৰিল:
কামৰূপ জিলাৰ বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ৫৩ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰিছে বিহুৰ বিস্তৃত কাৰ্য্যক্ৰমণিকাৰ। উল্লেখ্য যে প্ৰতি বছৰে ৩১ চ'তৰ পৰা ১,২ আৰু ৩ ব'হাগলৈ অৰ্থাৎ ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ পালন কৰা হয় ব'হাগী উৎসৱ। সোণালী জয়ন্তী গৰকা বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে এই বৰ্ষত ৫৩ বছৰত ভৰি দিছে। বকোৰ সৰবৰাহী ব্যক্তি প্ৰবীণ তালুকদাৰক সভাপতি আৰু যুৱ সমাজকৰ্মী পৱন কলিতাক সাধাৰণ সম্পাদক তথা বিষ্ণু ৰাম দাসক প্ৰচাৰ সম্পাদক হিচাপে আৰু বকোৰ প্ৰায় শতাধিক সামাজিক ব্যক্তিক লৈ গঠন কৰা হৈছে বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ পৰিচালনা সমিতিখন। বিহু উদযাপন সমিতি গঠনৰ পিছতেই সভাপতি আৰু সম্পাদকৰ তৎপৰতাত কাৰ্য্যালয়ৰ দায়িত্বত থকাসকলে বিহুৰ যাৱতীয় কাম-কাজসমূূহ চলাই আহিছে।
আজি বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ শুভাৰম্ভণি। ঐতিহ্যবাহী বকো আঞ্চলিক ৰঙালী বিহুৰ শুভাৰম্ভণিত আজি বিহুৰ পতাকা উত্তোলন কৰে সভাপতি প্ৰবীণ তালুকদাৰে। সম্পাদক পৱন কলিতাই আঁঁত ধৰা অনুষ্ঠানত বকো অঞ্চলৰ বহু জ্যেষ্ঠ সমাজকৰ্মী,সাহিত্যিক,সাংবাদিক,অধিবক্তা উপস্থিত থাকে। ইফালে, বিহুৰ পতাকা উত্তোলনৰ পিছতে অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদক স্মৰণ কৰি শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্বহীদ তৰ্পণ কৰে জ্যেষ্ঠ সমাজ সেৱক জনাৰ্দ্দন অধিকাৰীয়ে। বিহুৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। বনাঞ্চলিক বিষয়া (শিংৰা আঞ্চলিক বনাঞ্চল) ম: আব্দুল ৰৌফ আহমেদৰ জড়িয়তে গছপুলি ৰোপণ কৰা হয়।লগতে যতীন পাঠকৰ উপৰিও বহু কেইজনে গছপুুলি ৰোপণ কৰে। ইয়াৰ পিছতে ক্রীড়া প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বকোৰ ক্ৰীড়া সংগঠক মনোৰঞ্জন কলিতাই।
ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু হুঁচৰি দল,অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাউদাং,প্ৰিয়ংকা ভৰালী,জাতি জনগোষ্ঠীৰ কৃষ্টি - সাংস্কৃতিক দল আৰু বিহুৰ যাৱতীয় শিল্পী,কলা-কুশলীৰ লগত যোগাযোগ কৰি অনুষ্ঠান পৰিৱেশনৰ বাবে চুক্তি কৰা হৈছে। বকো গান্ধী মৈদানৰ বাকৰিত আয়োজিত ৰঙালী বিহু সন্মিলনীত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে।কাইলৈৰ পৰা বকো আঞ্চলিক ৰঙালী বিহুৰ সাংস্কৃতিক কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হ'ব।
- Log in to post comments
- 30 views