ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত ৰঙালী বিহু আৰু বৰ্ষ প্ৰতিপদ উৎসৱ উদযাপন

Pic

#বিশেষ প্ৰতিবেদক,হাজো,১৩ এপ্ৰিলঃ

ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত আজি প্ৰাক ৰঙালী বিহু আৰু ভাৰতীয় সংস্কৃতিৰ ধ্বজাবাহক বৰ্ষ প্ৰতিপদ উৎসৱ দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়।

Pic

কাৰ্যসূচী অনুসৰি পুৱা সৰস্বতী বন্দনা,আৰএছএছৰ প্ৰতিষ্ঠাপক ডাঃ কেশৱ বলীৰাম হেডগেৱাৰ,শ্ৰীগুৰুজীৰ লগতে ভাৰত মাতাৰ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰা হয়। ইয়াৰ পিছতে বিহুৰ পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ ডেকাই।পতাকা উত্তোলন কৰি ডেকাই কয় যে বিহু অসমীয়াৰ প্ৰাণ আৰু বিহু থকালৈকে অসমীয়া জাতি জীয়াই থাকিব। 

Pic

পুৱা ৯ বজাত নিকেতনখনৰ আচাৰ্য-আচাৰ্যা আৰু ছাত্ৰ-ছাত্ৰীসকলে "শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে" শীৰ্ষক গীত পৰিৱেশন কৰে।ছাত্ৰ ভাৰতীৰ অধ্যক্ষতাত চলা অনুষ্ঠানত প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিহু গীত,নৃত্য প্ৰদৰ্শন কৰে ।লগতে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া,ইংৰাজী,হিন্দী আৰু সংস্কৃত ভাষাত ভাষণ প্ৰদান কৰাত উপস্থিত অভিভাৱসকলে আদৰণি জনায় আৰু এনেদৰে শিক্ষাৰ্থীসকলক সকলো দিশত আগবঢ়াই নিয়াৰ বাবে কৰা প্ৰচেষ্টাৰ শলাগ লয়।

ইয়াৰ পিছতে বৰ্ষ প্ৰতিপদ উৎসৱ সন্দৰ্ভত ভাষণ দি হাজো নিকেতনৰ প্ৰাক্তন প্ৰধান আচাৰ্য তথা প্ৰান্তীয় বৈদিক গণিত প্ৰমুখ পৰমানন্দ ডেকাই কয় ভাৰতীয় কাল গণনা মতে আজিৰ পৰা এটা নতুন বৰ্ষত পদাৰ্পণ কৰিলে।সূৰ্য মাহ আৰু চন্দ্ৰ মাহৰ পাৰ্থক্যৰ বাবে ১ ব'হাগ আৰু বৰ্ষ প্ৰতিপদৰ মিল নথকা বুলি কয়।অনুষ্ঠানত আচাৰ্য দিলীপ কলিতা আৰু প্ৰাক্তন ছাত্ৰ ৰাহুল ঠাকুৰীয়াই পৰিৱেশন কৰা সমূহীয়া বিহু গীতে সকলোকে আকৰ্ষিত কৰে।এই অনুষ্ঠানত নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলৰ মাজত কলহ ভঙা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

প্ৰধান আচাৰ্য দিলীপ তালুকদাৰে আঁঁত ধৰা অনুষ্ঠানটো জিতুমণি কলিতা,প্ৰণৱ ঠাকুৰীয়া,তপন তালুকদাৰ,দিপীকা ডেকা মেধি,প্ৰবীণ বেজবৰুৱাই পৰিচালনা কৰে।উল্লেখ্য যে আজিৰ এই উৎসৱত শিক্ষাৰ্থীসকলে বিহুৰ সাজপাৰ পৰিধান কৰাৰ লগতে অসমীয়াৰ স্বাভিমান গামোচা লৈ অংশগ্ৰহণ কৰে।

Your Comments