১৪ এপ্ৰিলৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পূব গুৱাহাটী বিহু সন্মিলনৰ ৰঙালী বিহু

Pic

বিগত বছৰবোৰৰ দৰে এইবাৰো অহা ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ পূব গুৱাহাটী বিহু সন্মিলনে চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচীৰ।

চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা ৰঙালী বিহুৰ কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে থাকিব অসম বিহুৱতী, শ্ৰেষ্ঠ বিহু ঢুলীয়া আৰু শ্ৰেষ্ঠ পেঁপাবাদনৰ প্ৰতিযোগিতা। লগতে থাকিব পুৰুষৰ মাৰাথন দৌৰ, পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতা, মহিলাৰ বিভিন্ন প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা ইত্যাদি।

ৰঙালী বিহু উদযাপনত জাতি-ধৰ্ম তথা ভাষা-সংস্কৃতি নিৰ্বিশেষে ৰাইজক একতাৰ সংকল্প ল'বলৈ,লগতে সহায়-সহযোগিতা আগবঢ়াবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে।

Your Comments