বঙাইগাঁৱত ক'ৰ'নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত

*বিদ্যালয়ৰ শিক্ষকসহ একেদিনাই ১৯ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড-১৯ প'জিটিভ* *আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি* #বঙাইগাঁৱৰ প্ৰতিবেদক,১২ এপ্ৰিলঃ বঙাইগাঁও জিলাত ক'ৰ'নাই ক্ৰমাৎ ভয়াৱহ সংক্ৰমণৰ ৰূপ লৈছে ৷ কেৱল আজিৰ দিনটোতে জিলাখনত ১৯ গৰাকী ব্যক্তিৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰিছে ৷ জিলাখনত দৈনিক ক'ভিড- ১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তো কিন্তু জনসাধাৰণৰ মাজত বিশেষ সচেতনতা পৰিলক্ষিত হোৱা নাই ৷ ইপিনে, আজি বঙাইগাঁও জিলাৰ অন্তৰ্গত নৰ্থ বইটামাৰীৰ ৬ নং ৰসিগাঁও এল পি স্কুলৰ শিক্ষক তৰুণ চন্দ্ৰ নাথৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰিছে ৷ শিক্ষকগৰাকীয়ে যোৱা ৫ মাৰ্চত ক'ভিড-১৯ৰ প্ৰথম পালি ভেকচিন লৈছিল যদিও দ্বিতীয় পালি এতিয়ালৈ লোৱা নাই।আজি স্বাস্থ্য বিভাগৰ দলে শিক্ষকগৰাকীক বিদ্যালয়তে স্বাস্থ্য পৰীক্ষা কৰাত তেওঁৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে কিন্তু আনসকলৰ নিগেটিভ পোৱা গৈছে।অৱশ্যে তেওঁলোককো আছুতীয়াকৈ থাকিবলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোৱা হৈছে ৷ আনহাতে, বাকী ৰৈ যোৱা শিক্ষকসকলৰ লগতে শিক্ষাৰ্থীসকলক আৰু শিক্ষকগৰাকী যিহেতু নিৰ্বাচনী দায়িত্বত আছিল,সেয়ে তেওঁৰ লগত নিৰ্বাচনী দায়িত্ব পালন কৰা বিষয়াসকলকো কাইলৈ পৰীক্ষা কৰা হ'ব৷ তেওঁৰ পৰিয়ালৰ দুজন পুত্ৰৰ ক'ভিড- ১৯ পৰীক্ষা কৰাত ফলাফল নিগেটিভ আহিছে । কিন্তু বিদ্যালয়খনৰ শিক্ষকগৰাকীৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰাত এতিয়া বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকল চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে ইয়াৰ পিচতো কিন্তু জিলাখনৰ অধিকাংশ লোকেই মাস্ক পৰিধান নকৰাকৈয়ে বজাৰে-সমাৰে,বাটে- পথে ঘূৰা-ফিৰা কৰি থকা পৰিলক্ষিত হৈছে ৷ একেদৰে মানি চলা পৰিলক্ষিত হোৱা নাই সামাজিক দূৰত্ব ৷ ছেনিটাইজাৰৰ ব্যৱহাৰো কমি গৈছে ৷ এনে অৱস্থাত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাই থকা ক'ৰ'নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ শংকাত ভুগিছে সচেতন মহলে ৷ আজি ১৯ জন ব্যক্তিৰ দেহত ক'ভিভ- ১৯ প'জিটিভ ধৰা পৰাত বৰ্তমান জিলাখনত সক্ৰিয় ক'ভিড প'জিটিভ ৰোগীৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি পালে ৷ জিলাখনত আজিৰ দিনটোত মুঠ ৪,৭১২ গৰাকী ব্যক্তিক ৰেপিড এণ্টিজেন টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্ট কৰা হৈছিল ৷ প্ৰণৱ কুমাৰ ডেকা বঙাইগাঁও //21 9435243911

Your Comments