কৰ্প'ৰেটৰ কব্জাত দৰিদ্ৰ কৃষকে পাবলগীয়া ঋণ

কৰ্প'ৰেটৰ কব্জাত দৰিদ্ৰ কৃষকে পাবলগীয়া ঋণ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ ৪ বছৰীয়া কাৰ্যকালত দৰিদ্ৰ কৃষকসকলক ঋণ প্ৰদানৰ নামত প্ৰতাৰণাৰ এক ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ কম সুতত আৰু সহজ চৰ্তত দৰিদ্ৰ কৃষকসকলক দিবলগীয়া ঋণ ৰাষ্ট্ৰীয়কৃত বেংকসমূহে বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ মালিকানাধীন কৃষি উৎপাদন প্ৰতিষ্ঠানবোৰক প্ৰদান কৰা হৈছে ৷

'দ্য ৱায়াৰ' (The Wire) নামৰ এক প্ৰতিষ্ঠানে তথ্য জনাৰ অধিকাৰ আইন অনুসৰি সোধা প্ৰশ্নৰ উত্তৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে এই তথ্য সদৰী কৰিছে ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে জনায় যে ৰাষ্ট্ৰীয়কৃত বেংকসমূহে চলিত বছৰটোত মাত্ৰ ৬১৫টা একাউণ্টত গড় হিচাপত ৯৫ কোটি টকা হাৰত ৫৮,৫৬১ কোটি টকা ঋণ প্ৰদান কৰিছে ৷

এই ৬১৫টা একাউণ্টৰ আটাইবোৰ কৰ্প'ৰেট গোষ্ঠীৰ আৰু লক্ষণীয় যে দৰিদ্ৰ কৃষকসকলক দিবলগীয়া শিতানৰ পৰাই কৰ্প'ৰেট গোষ্ঠীক এই ঋণ প্ৰদান কৰা হৈছে দৰিদ্ৰ কৃষকসকলক সম্পূৰ্ণভাৱে বঞ্চিত কৰি ৷

কৰ্প'ৰেটৰ কব্জাত দৰিদ্ৰ কৃষকে পাবলগীয়া ঋণ

তাতোকৈ ভয়ংকৰ কথা হৈছে যে ভাৰতীয় ষ্টেট বেংকৰ মুম্বাই জ’নৰ মুম্বাই মহানগৰ শাখাই কৰ্প'ৰেট গোষ্ঠীৰ তিনিটা একাউণ্টত ২৯.৯৫ কোটি টকা অৰ্থাৎ প্ৰতিটো একাউণ্টত গড় হিচাপত ১০ কোটি টকাকৈ ঋণ প্ৰদান কৰিছে ৷

ষ্টেট বেংকৰ সেই একেই মুম্বাই মহানগৰ শাখাই কৰ্প'ৰেট গোষ্ঠীৰ আন ৯টা একাউণ্টক ২৭ কোটিৰো অধিক টকা ঋণ প্ৰদান কৰিছে দৰিদ্ৰ কৃষকসকলক বঞ্চিত কৰি ৷ ইয়াতে উল্লেখ কৰিব পাৰি যে চৰকাৰেই দৰিদ্ৰ কৃষকসকলক অত্যন্ত সহজ চৰ্তত আৰু মাত্ৰ চাৰি শতাংশ সুতৰ হাৰত ঋণ প্ৰদানৰ নীতি ঘোষণা কৰিছে ৷

কেৱল সেয়াই নহয়, বেংকসমূহে প্ৰদান কৰিবলগীয়া মুঠ ঋণৰ ১৮ শতাংশ দৰিদ্ৰ আৰু উপান্ত খেতিয়কসকলক প্ৰদান কৰিব লাগিব বুলি নিয়ম বান্ধি দিছে ৷ কিন্তু এই নীতি উলংঘা কৰি ভাৰতীয় ষ্টেট বেংকসহ ৰাষ্ট্ৰীয়কৃত বেংকবিলাকে সেই সহজ চৰ্তত আৰু মাত্ৰ চাৰি শতাংশ হাৰ সুতত দৰিদ্ৰ আৰু উপান্ত কৃষকক বঞ্চিত কৰি বৃহৎ কৰ্প'ৰেট গোষ্ঠীবিলাকক সেই ঋণ প্ৰদান কৰি আছে ৷

কৰ্প'ৰেটৰ কব্জাত দৰিদ্ৰ কৃষকে পাবলগীয়া ঋণ

অলপতে ‘ঋতু স্বৰাজ্য বেদিকা’ নামৰ এক কৃষক সংগঠনৰ প্ৰতিষ্ঠাতা কিৰণ কুমাৰ বিচ্ছাই অভিযোগ কৰি কয়, “কৃষি পণ্য ব্যৱসায়ত যুক্ত ভালমান বৃহৎ কোম্পানীয়ে দৰিদ্ৰ কৃষকৰ বাবে দিবলগীয়া ঋণৰ শিতানৰ পৰা ঋণ লৈ লৈ আছে ৷

আনকি ‘ৰিলায়েন্স ফ্ৰেশ্ব’ নামৰ কৃষি ব্যৱসায় কোম্পানীয়েও এই ঋণৰ সুবিধা গ্ৰহণ কৰি আছে৷” কিৰণ কুমাৰ বিচ্ছাই কয়, “এই কোম্পানীটোৰ কৃষিজাত পণ্য ক্ৰয় আৰু বিক্ৰয়ত জড়িত আৰু তেওঁলোকে কৃষিপণ্যৰ গুদাম আৰু এই সম্পৰ্কীয় অন্যান্য কামকাজৰ বাবে দৰিদ্ৰ কৃষকক দিবলগীয়া ঋণৰ শিতানৰ পৰা ঋণৰ সুবিধা লৈ আছে ৷”

উল্লেখ্য যে ‘ৰিলায়েন্স ফ্ৰেশ্ব’ নামৰ কৃষি পণ্য ব্যৱসায়ৰ কোম্পানীটো হৈছে মুকেশ আম্বানিৰ মালিকানাধীন ৷ সেই কোম্পানীক দৰিদ্ৰ কৃষকৰ ঋণৰ শিতানৰ পৰা ঋণ প্ৰদান কৰি থকা হৈছে ৷ দৰিদ্ৰ আৰু উপান্ত কৃষকসকলক বঞ্চিত আৰু উপলুঙা কৰাৰ আন কি দৃষ্টান্ত থাকিব পাৰে ?

কৰ্প'ৰেটৰ কব্জাত দৰিদ্ৰ কৃষকে পাবলগীয়া ঋণ

দেশৰ কেতবোৰ অৰ্থনৈতিক খণ্ডৰ উন্নয়ন নিশ্চিত কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে কৃষি, ক্ষুদ্ৰ আৰু মজলীয়া এণ্টাৰপ্ৰাইজ, ৰপ্তানি ঋণ, শিক্ষা, আবাসন, সামাজিক আন্তঃগাঁথনি আৰু নবীকৃত শক্তি খণ্ডলৈ ঋণ প্ৰদানত অগ্ৰাধিকাৰ দিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দেশ জাৰি কৰিছিল ৷

কিৰণ কুমাৰে অভিযোগ কৰি কয়, “ডাঙৰ সমস্যা হৈছ দৰিদ্ৰ কৃষকসকলক প্ৰদানৰ বাবে ধাৰ্য ঋণৰ টকাৰ বৃহৎ অংশই কৰ্প'ৰেট গোষ্ঠী আৰু ডাঙৰ কোম্পানীবিলাকক দি থকা হৈছে ৷ যাৰফলত দৰিদ্ৰ খেতিয়কসকলে ঋণৰ সুবিধা ল’ব পৰা নাই ৷”

তেওঁ প্ৰশ্ন কৰে, “১০০ কোটি টকা ঋণ পোৱা কোম্পানীবিলাক কেনেধৰণৰ খেতিয়ক ৷ ১০০ কোটি টকা ঋণ কমেও ২০০জন কৃষকক দিব পাৰি ৷” দৰিদ্ৰ কৃষকক দিবলগীয়া ঋণৰ টকাৰ পৰা ২০১৫ চনত কৰ্প'ৰেটৰ ৬০৪টা একাউণ্টত ৫২,১৪৩ কোটি টকা আৰু ২০১৪ চনত ৬০,১৫৬ কোটি টকা ঋণ প্ৰদান কৰা হৈছে গুদাম, ক’ল্ড ষ্ট’ৰেজ আদি নিৰ্মাণৰ বাবে ৷ 
 

Your Comments