ঘগ্ৰাপাৰৰ বৰাজোলত ধুমুহাৰ তাণ্ডৱ:কেইবাটাও বাসগৃহ ধ্বংস

Pic

*ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন পূব বনভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ*

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১২ এপ্ৰিলঃ

 শনিবাৰে নিশা নলবাৰী জিলাৰ মাজেৰে পাৰ হৈ যোৱা প্ৰচণ্ড ধুমুহাই জিলাখনৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোল,পালাংদি, ৰামপুৰ অজগড়া,আকনা,সঠামৌ,পোনাটাউনী  আদি অঞ্চলত বিস্তৰ ক্ষতি কৰে।ধুমুহাৰ ফলত কেইবাটাও বাসগৃহ ধ্বংস হয়।বতাহৰ ইমানে গতি আছিল যে ঘৰৰ ছালৰ টিনপাট প্ৰায় দুই কিলোমিটাৰ দূৰত উৰি গৈ পৰে।ইফালে অঞ্চলসমূহত গছ-গছনি ভাঙি উভালি পৰিও ব্যাপক ক্ষতি হয়।সম্প্ৰতি অঞ্চলসমূহত গৃহহীন-ক্ষতিগ্ৰস্ত লোকৰ ক্ৰন্দনে এক কৰুণ পৰিৱেশৰ সৃষ্টি কৰিছে।

Pic

ইফালে,১১ এপ্ৰিলৰ পুৱা পূব বনভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশীয়ে ধুমুহাত বিস্তৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে।বৰাজোল পালাংদি চুবুৰীৰ দশৰথ বৰ্মন,হেমন্ত বৰ্মন,ৰামপুৰ অজগড়াৰ মহেন্দ্ৰ দাস,দ্বীজেন দাস আদিৰ পৰিয়ালত সভানেত্ৰীগৰাকী উপস্থিত হৈ ক্ষয়-ক্ষতিগ্ৰস্তৰ বুজ লয়।লগতে,ধুমুহাত গৃহহাৰা হোৱা একাংশ পৰিয়ালক সভানেত্ৰী ৰাজবংশীয়ে কিছু আৰ্থিক সাহায্য দান কৰে।পৰিদৰ্শন কালত সভানেত্ৰীগৰাকীক ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উপ-সভাপতি গৌতম কাকতি,গাঁও সভা সদস্যকে ধৰি ভালেসংখ্যক বিজেপি কৰ্মীয়ে সংগ দিয়ে।

Your Comments