মোডী চৰকাৰৰ ৪ বছৰ : কৃষকৰ পেটত লঠিয়াই কৰ্প'ৰেটৰ 'আচ্ছে দিন'

 মোডী চৰকাৰৰ ৪ বছৰ : কৰ্প'ৰেটৰ 'আচ্ছে দিন', কৃষকৰ পেটত লাঠ

কৰ্প'ৰেট গোষ্ঠীবোৰৰ পৰা অনাদায়ী ঋণৰ টকা পুনৰুদ্ধাৰ কৰাৰ পৰিৱৰ্তে ‘অচ্ছে দিন’ৰ সপোন দেখুওৱা নৰেন্দ্ৰ মোডী চৰকাৰে ওলোটাই কাৰ্যকালৰ পথম তিনিটা বছৰতে কৰ্প'ৰেট গোষ্ঠীবোৰক ৩,১০০ কোটি ডলাৰ ঋণ পৰিশোধ কৰাৰ পৰা ৰেহাইহে দিলে ৷

কিন্তু ইয়াৰ বিপৰীতে দেশত এই মোডী চৰকাৰেই দৰিদ্ৰ ঋণগ্ৰস্ত কৃষকসকলক ঋণ ৰেহাই দিয়াৰ দাবীক পোনে পোনে অস্বীকাৰ কৰি আছে ৷ মোডী চৰকাৰৰ চাৰি বছৰৰ কাৰ্যকালত ঋণগ্ৰস্ত কৃষকৰ আত্মহত্যাৰ সংখ্যাও ব্যাপকভাৱে বাঢ়িছে ৷

কৃষকৰ পেটত লাঠ

কেৱল মহাৰাষ্ট্ৰতে চলিত বছৰৰ প্ৰথম তিনিমাহত ৬৯৬জন কৃষকে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিছে ৷ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত ২০১৪ চনত ভাৰতত ১২,৩৬০জন, ২০১৫ চনত ১২,৬০২জন কৃষকে আত্মহত্যা কৰিছে ৷

আনহাতে, ২০১৬ চনৰ প্ৰথম ভাগতেই কেৱল পাঁচখন ৰাজ্য মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু আৰু তেলেঙ্গানাত কৃষকৰ মৃত্যুৰ সংখ্যা ৬,৮৬৭জন অতিক্ৰম কৰিছে ৷

কৃষকৰ পেটত লাঠ

ভয়াৱহ বানপানীত বিপৰ্যস্ত কেৰালাৰ বাবে মোডী চৰকাৰে মাত্ৰ ৬০০ কোটি টকা সাহায্য আগবঢ়াইছে ৷ অথচ এই চৰকাৰে গুজৰাটত চৰ্দাৰ পেটেলৰ মূৰ্তি নিৰ্মাণৰ বাবে ৩,০০০ কোটি টকা আৰু মহাৰাষ্ট্ৰত শিৱাজীৰ মূৰ্তি নিৰ্মাণৰ বাবে ৩,৫০০ কোটি টকা ব্যয় কৰি আছে ৷

এই চৰকাৰ হাতত বানপানীত বিপৰ্যস্ত মানুহক সাহায্য দিবলৈ টকা নাই ৷ অথচ এই চৰকাৰেই কুম্ভমেলাৰ বাবদ ব্যয় ধাৰ্য কৰিছে ৪,২০০ কোটি টকা ৷ মোডী চৰকাৰৰ চাৰি বছৰৰ কাৰ্যকালত চৰকাৰী প্ৰচাৰৰ বাবদ ব্যয় কৰা হৈছে ৪,৩০০ কোটি টকা ৷

কৃষকৰ পেটত লাঠ

আৰু কেৱল মোডীৰ বিদেশ ভ্ৰমণৰ বাবেই এতিয়ালৈকে খৰচ কৰা হৈছে ১৫ কোটি টকা ৷ কেৰালাৰ বানপানীৰ বাবে বিদেশী ৰাষ্ট্ৰ এখনে ৭০০ কোটি টকা সাহায্য আগবঢ়োৱাত আত্মসন্মানত আঘাত লাগিল মোডী চৰকাৰৰ ৷

সেই সাহায্য প্ৰত্যাখ্যান কৰা হ’ল ৷ কিন্তু গুজৰাটত বুলেট ৰে’লৰ বাবে জাপানৰ পৰা সাহায্য লোৱাত মোডী চৰকাৰৰ সন্মানৰ হানি-বিঘিনি হোৱা নাই ৷
মোডী চৰকাৰে লৈ অহা এই চাৰি বছৰৰ ‘আচ্ছে দিন’ৰ ভিতৰত দেশত আৰ্থিক বৈষম্যই সকলো অভিলেখ ভঙ্গ কৰিছে ৷

দেশৰ মাত্ৰ ১ শতাংশ লোকৰ হাতত দেশৰ মুঠ সম্পদৰ ৭৩ শতাংশ সুক্ষিগত হৈছে ৷ এই ‘আচ্ছে দিন’ৰ আন এক বীভৎস উদাহৰণ হৈছে দেশজুৰি তথাকথিত ‘গো-ৰক্ষক’ বাহিনীৰ দ্বাৰা দলিত আৰু মুছলমান নিৰীহ লোকক গণপ্ৰহাৰৰ ক্ৰমবৰ্ধমান ঘটনাবোৰ ৷

কৃষকৰ পেটত লাঠ

২০১৪ চনত মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত গো-ৰক্ষাৰ নামত নিৰীহৰ ওপৰত আক্ৰমণৰ ঘটনা ৪১.৫০ শতাংশ বাঢ়িছে ৷ ২০১০ চনৰ পৰা ২০১৪ চনৰ আগলৈকে গো-ৰক্ষাৰ নামত আক্ৰমণৰ ঘটনা ঘটিছিল মাত্ৰ দুটা আৰু আক্ৰান্ত হৈছিল চাৰিজন লোক৷

কিন্তু ২০১৪ চনৰ পৰা ২০১৮ চনৰ বৰ্তমানলৈকে এনে আক্ৰমণৰ ঘটনা ৮৫টালৈ বৃদ্ধি পায় ৷ আক্ৰান্ত হৈছে ২৮৫জন লোক আৰু মৃত্যু ঘটিছে ৩৪জনৰ ৷ বিজেপিশাসিত ৰাজ্য হাৰিয়ানা, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু দক্ষিণ ভাৰতৰ কৰ্ণাটকত এইধৰণৰ ঘটনা সৰ্বাধিক ঘটিছে ৷

কৃষকৰ পেটত লাঠ

বিগত ডেৰ বছৰত সোপাধৰাৰ গুজৱক কেন্দ্ৰ কৰি ৬৯টা আক্ৰমণ ঘটিছে আৰু মৃত্যু হৈছে ৩৩জন নিৰীহ লোকৰ ৷ বিজেপি ২০১৪ চনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লৈ কেন্দ্ৰৰ শাসন ক্ষমতালৈ অহাৰ পিছৰে পৰাই সাম্প্ৰদায়িক বিদ্বেষ আৰু অসহিষ্ণুতাৰ ঘটনা ব্যাপক হাৰত বাঢ়িছে ৷

নৰেন্দ্ৰ মোডীৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই যুক্তবাদী আৰু বিজ্ঞানসন্মত মুক্ত চিন্তাৰ মানুহৰ ওপৰতো আক্ৰমণ আৰম্ভ হৈছে ৷

কৃষকৰ পেটত লাঠ

মোডী ক্ষমতালৈ অহাৰ পিছৰে পৰাই মহাৰাষ্ট্ৰত নৰেন্দ্ৰ ডাভোলকাৰ আৰু গোবিন্দ পানছাৰে আৰু কৰ্ণাটকত এম এম কুলবাৰ্গি আৰু গৌৰী লংকেশৰ দৰে যুক্তিবাদী ব্যক্তিসকলক নৃশংসভাৱে হত্যা কৰা হৈছে ৷

Your Comments