#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ সদৰ থানা অন্তৰ্গত ক্ষুদ্ৰশংকৰা গাঁও নিবাসী ধর্মপ্রাণা,অতি অমায়িক মহিলা পুতুলী দেৱীৰ ৯ এপ্ৰিলৰ পুৱাৰ ভাগত নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।
বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা মহিলাগৰাকীয়ে মৃত্যুৰ সময়ত তিনিজন পুত্ৰ, তিনিগৰাকী জীয়াৰী, জোঁৱাই, নাতি-নাতিনী,পৰিনাতিসহ অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। গোটেই জীৱন ঈশ্বৰ বিশ্বাসী এইগৰাকী মহিলাই দৈনন্দিন পুৱা পাঁচ বজাতে বেল গছৰ তলত চাকি জ্বলাই ভগৱানক পূজা-অৰ্চনাৰে প্ৰাৰ্থনা কৰিছিল।
সমাজ শুৱনি বয়োজেষ্ঠা মহিলাগৰাকীয়ে সমাজৰ বিভিন্ন লোকৰ চোতালত নামপ্ৰসংগ কৰি মানুহৰ প্ৰিয়ভাজন হৈ পৰিছিল। তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
- Log in to post comments
- 11 views