বঙাইগাঁৱত পুনৰ ১৩ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ

*আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি*

#বঙাইগাঁৱৰ প্ৰতিবেদক,১০ এপ্ৰিল:

বঙাইগাঁও জিলাত দৈনিক ক'ভিড-১৯ প'জিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ জিলাখনত কেৱল আজিৰ দিনটোতে নতুনকৈ ১৩ জন ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰিছে ৷ কিন্তু জিলাখনত জনসাধাৰণৰ মাজত বিশেষ সচেতনতা দেখিবলৈ পোৱা হোৱা নাই ৷

অধিকাংশ লোকেই মাস্ক পৰিধান নকৰাকৈয়ে বজাৰে-সমাৰে,বাটে-পথে ঘূৰা- ফিৰা কৰি থকা পৰিলক্ষিত হৈছে ৷ একেদৰে মানি চলা পৰিলক্ষিত হোৱা নাই সামাজিক দূৰত্ব ৷ ছেনিটাইজাৰৰ ব্যৱহাৰো কমি গৈছে ৷ এনে অৱস্থাত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাই থকা ক'ৰ'নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ শংকাত ভুগিছে  সচেতন মহল ৷

শুকুৰবাৰে জিলাখনৰ পাঁচজনকৈ ব্যক্তৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰাৰ পিচত আজি পুনৰ আন ১৩ জন ব্যক্তিৰ দেহত ক'ভিভ- ১৯ প'জিটিভ ধৰা পৰাত বৰ্তমান জিলাখনত সক্ৰিয় ক'ভিড প'জিটিভ ৰোগীৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পালে ৷ 

 

Your Comments