কলিয়াবৰত পুনৰ দুজন ক'ভিড আক্রান্ত

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কলিয়াবৰত পুনৰ দুজনৰ দেহত ক’ভিড সংক্ৰমণ।

এটা তিনিবছৰীয়া শিশু আৰু এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে ক’ভিড।

শেহতীয়াকৈ কলিয়াবৰত পাঁচজনলৈ বৃদ্ধি পালে ক’ভিড আক্ৰান্ত।

কলিয়াবৰৰ সোণাৰী-কামাখ‍্যা গাঁৱত এগৰাকী ৭০ৰ উৰ্দ্ধৰ মহিলা আৰু এটি তিনিবছৰীয়া শিশুৰ দেহত ক'ভিড সংক্ৰমণ ধৰা পৰিছে।

শিলঘাট উপ-স্বাস্থ‍্য কেন্দ্ৰত ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰে এই সংক্ৰমণ।

এই লৈ কলিয়াবৰত ক’ভিড সংক্ৰমিত ব‍্যক্তিৰ সংখ‍্য পাঁচজনলৈ বৃদ্ধি পালে।

Your Comments