#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৯ এপ্ৰিলঃ
আগশাৰীৰ সাহিত্য -সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত অহা ১১ এপ্ৰিল তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত এখন চি.ডি,গ্ৰন্থ উন্মোচন আৰু এক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে ৷
সেইদিনা দুপৰীয়া ১ বজাত বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি নিপজ্যোতি মেধিৰ সঞ্চালনাত অনুষ্ঠিত হ’ব লগা সভাখনত 'বুলি ভূঞাৰ গীত' শীৰ্ষক আধুনিক গীতৰ চিডিখন উন্মোচন কৰিব বিশিষ্ট কণ্ঠশিল্পী মনিষা হাজৰিকাই , কবি-সাংবাদিক নিপজ্যোতি মেধিৰ সম্পাদনাত বাসনা সাহিত্য গোষ্ঠীৰ উপ-সভানেত্ৰী তথা কবি ,লেখিকা বুলি ভূঞাৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত যুগুত কৰি উলিওৱা 'মানৱ সেৱা বঁটা বিজয়ী বুলি ভূঞা- জীৱন আৰু কৃতি' শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিব অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব হেমেন দাসে ৷বিশিষ্ট কবি- সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰিবলগীয়া অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথ,মাহেকীয়া 'বিন্দু' আলোচনীৰ মুখ্য সম্পাদিকা মালবিকা চৌধুৰী,বিশিষ্ট সাহিত্যিক ডালিমী কোঁৱৰ ৷
একেটা অনুষ্ঠানতে শিক্ষা,সাহিত্য,সংস্কৃতি,সমাজসেৱা , সংবাদসেৱা আদিৰ ক্ষেত্ৰত অনবদ্য অৰিহণা আগবঢ়োৱাৰ বাবে বিশিষ্ট কবি,সমাজসেৱক অমৰজ্যোতি দাসক ড° ভূপেন দাস সোঁৱৰণী বঁটা , মানৱজ্যোতি দাস , পল্লৱী দত্ত, শৰৎ চন্দ্ৰ বড়ো , নিৰ্মলা শৰ্মা , তৰুণ চন্দ্ৰ দাস , বিৰজা হাজৰিকাক জাহ্নৱী বৰুৱা সোঁৱৰণী বঁটা , ৰুণু দেৱী শৰ্মাক জীৱনযোৰা সাধনা বঁটা , দেৱীপ্ৰসাদ অধিকাৰী, অতুল কুমাৰ বৰ্মনক মানৱসেৱা বঁটা প্ৰদান কৰা হ’ব ৷ অনুষ্ঠানটোত সকলোৰে উপস্থিতি কামনা কৰিছে বাসনা সাহিত্য গোষ্ঠীৰ ভাৰপ্ৰাপ্ত সম্পাদিকা শান্তি অধিকাৰীৱে ৷
- Log in to post comments
- 15 views