ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পাঁচ দশকৰো অধিককাল ধৰি বেদখলৰ কবলত থকা শ শ ৱাকফ সম্পত্তি উদ্ধাৰৰ বাবে ৰাজ্যিক ৱাকফ বোৰ্ডে ইতিমধ্যে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।
সুদীৰ্ঘ কালছোৱাত ৰাজ্যৰ শাসনৰ গাদী দখল কৰি অহা বিভিন্ন চৰকাৰে বিভিন্ন জিলাৰ নগৰ-চহৰত সিঁচৰতি হৈ থকা মূলতঃ মাটি-সম্পত্তিসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত ধৰ্মীয় সংখ্যালঘু দল-সংগঠনৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈ আহিছে ।
যাৰফলত বছৰি লাখ লাখ টকাৰ ৰাজহৰ পৰা বঞ্চিত হৈছে অসম ৱাকফ বোৰ্ড । ৰাজ্যৰ আন জিলাৰ লগতে অবিভক্ত নগাঁও জিলাতো কেইবাটাও ৱাকফ সম্পত্তি বেদখলৰ কবলত থকা হেতু ব্যাপক পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হোৱা সন্দৰ্ভত ইতিপূৰ্বে সংবাদ মাধ্যমত তথ্যসহকাৰে বাতৰি প্ৰকাশ পাইছে ।
ইয়াৰ পিছৰে পৰা ৰাজ্যিক ৱাকফ বোৰ্ডে কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত সম্পত্তি লীজ বিধি অনুসৰি ইতিমধ্যে ৰাজ্যখনৰ গুৱাহাটীৰ ফাঁচী বজাৰ, ধুবুৰী, যোৰহাট আদিৰ লগতে নগাঁৱতো বছৰ বছৰ ধৰি ৰাজহ আদায় অবিহনে ভোগ কৰি থকা পঞ্জীয়নভুক্ত ৱাকফ সম্পত্তিসমূহ উদ্ধাৰৰ কাম আৰম্ভ হৈছে ।
গুৱাহাটী, ধুবুৰী জিলাৰ কেবাশ বিঘা মাটি ইতিমধ্যে বেদখলৰ পৰা উদ্ধাৰো হৈছে । উল্লেখ্য, নগাঁও চহৰৰ ব্যস্ততাপূৰ্ণ ব্যৱসায়িক এলেকা ঢাকাপট্টিস্থিত মৌলাবস্ক ৱাকফ সম্পত্তি, এচাহক আলী ৱাকফ সম্পত্তি, নন্দন শইকীয়া ৱাকফ সম্পত্তি আছে ।
এই সম্পত্তিসমূহৰ পৰা সঠিক পৰিমাণৰ ৰাজহ আদায়ৰ লক্ষ্যৰে শনিবাৰে নগাঁৱত উপস্থিত হয় ৰাজ্য চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব তথা ৰাজ্যিক ৱাকফ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া চৈয়দা হাচিনা মুৰ্শিদ ৰহমান আৰু বিভাগীয় পৰিদৰ্শক জান্নাতুল নাঈম ।
বিষয়া দুগৰাকীয়ে ঢাকাপট্টিত থকা ৱাকফ সম্পত্তিসমূহ পৰিদৰ্শন কৰি ইয়াৰ পৰা কেনেকৈ ৰাজহ সংগ্ৰহ কৰিব পাৰি তাৰ বুজ লয় । ইয়াৰ পূৰ্বে শনিবাৰে দুপৰীয়া নগাঁও আৱৰ্ত ভৱনৰ সভাকক্ষত ৱাকফ সম্পত্তিসমূহৰ পৰিচালনা সমিতি আৰু সম্পত্তিসমূহ দখল কৰি থকা ভাৰাতীয়াসকলক লৈ এক আলোচনাত মিলিত হয় ।
জানিব পৰা মতে, নগাঁৱৰ একাংশ ৱাকফ সম্পত্তিৰ পৰিচালনা সমিতিৰ পুনৰ গঠন আৰু ভাৰাতীয়াসকলক বিভাগীয়ভাৱে নিৰ্ধাৰিত ৰাজহ অৰ্থাৎ ভাৰাসমূহ নিয়মিতভাৱে আদায় দিয়াবলৈ নিৰ্দেশ দিয়ে ।
স্মৰ্তব্য যে বিভাগীয় নীতি অনুসৰি প্ৰতিটো ৱাকফ সম্পত্তিৰ পৰা আদায় হোৱা ৰাজহৰ মুঠ ধনৰ ৭ শতাংশ ৰাজ্যিক ৱাকফ বোৰ্ডত সংশ্লিষ্ট পৰিচালনা সমিতিয়ে জমা দিব লাগে আৰু অৱশিষ্ট ধনৰাশি পৰিচালনা সমিতিয়ে ধৰ্মীয় দৰিদ্ৰ সংখ্যালঘু লোকৰ সামগ্ৰিক কল্যাণৰ হকে ব্যয় কৰিব লাগে ।
কিন্তু এই ক্ষেত্ৰত ব্যাপক অনিয়মৰ আশংকা ব্যাক্ত কৰি বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে নগাঁৱৰ ভিন্ন স্থানত থকা সম্পত্তিসমুহৰ পৰিচালনা সমিতিসমূহক হিচাপ-নিকাচৰ তথ্য নিয়মিতভাৱে বোৰ্ড কৰ্তৃপক্ষক দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
অনাগত সময়ত ৱাকফ সম্পত্তিসমূহৰ পৰা ৰাজহ নিয়মীয়াভাৱে আদায় হ'লে সংখ্যালঘু জনগোষ্ঠীয় দৰিদ্ৰ ৰাইজৰ সামগ্ৰিক উন্নয়ন সাধন হোৱাৰ সম্ভাৱনা আছে । ৰাজহ আদায় নিয়মিতভাবে সম্ভৱ হ'লে জনগোষ্ঠীটোৰ কি উন্নয়ন সাধন হয় সেয়া লক্ষণীয় হ'ব ।
- Log in to post comments
- 25 views