শিৱসাগৰত শিল্পী দ্বিজেন গগৈৰ ঘৰত ৰাজ্যৰ ইমূৰ-সিমূৰৰ লোকৰ ভিৰ,কিয়?

Pic

#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

হেঁঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে।এই ব্যস্ততা দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ নিমাইজানৰ শিল্পী দ্বীজেন গগৈৰ ঘৰতো। 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহক ৰাইজে থলুৱা লোকবাদ্য প্ৰস্তুত কৰা শিল্পী দ্বীজেন গগৈৰ ঘৰত এতিয়া ভিৰ কৰা পৰিলক্ষিত হয়। ক্ৰয় কৰিছে তেওঁলোকৰ পছন্দৰ ঢোল, পেঁপা, গগনা, বীণ, ডবা ইত্যাদি। বছৰৰ বাৰ মাহেই শিল্পী দ্বীজেন গগৈৰ বাসগৃহত প্ৰস্তুত কৰে থলুৱা লোকবাদ্য। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি তেওঁৰ ওচৰত থলুৱা লোকবাদ্য বজোৱা আৰু প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লয়। দ্বীজেন গগৈয়ে থলুৱা লোকবাদ্য প্ৰস্তুত কৰাই নহয় সেই বাদ্যযন্ত্ৰসমূহ সুন্দৰকৈ বজাবও জানে। উল্লেখ্য যে ২০১২ চনত অসম সাংস্কৃতিক মহাসভাই এইগৰাকী শিল্পীক জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰে । আনহাতে, নলবাৰী ছাত্ৰ সন্থা আৰু ব্যৱসায়ী সন্থাই ২০১৪ চনত মোহন ভাইৰা বঁটাৰে সন্মানিত কৰিছিল দ্বীজেন গগৈক।

Pic

মাটি আৰু মানুহৰ বাবে উৎসৰ্গিত অনুষ্ঠান 'সুৰ সমলয় কলা সংস্থান'ৰ জড়িয়তে শিল্পী দ্বীজেন গগৈয়ে ন ন সৃষ্টিৰাজিৰ জড়িয়তে অসমীয়াৰ সংস্কৃতিৰ ভড়াল চহকী কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত থলুৱা লোকবাদ্য যন্ত্ৰৰ প্ৰতি আগ্ৰহ বঢ়াই তুলিছে।

Your Comments