বঙাইগাঁৱত পুনৰ পাঁচজন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড-১৯ প'জিটিভ

*আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২০ জনলৈ বৃদ্ধি*

#বঙাইগাঁৱৰ প্ৰতিবেদক,৯ এপ্ৰিল:

বঙাইগাঁও জিলাত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰ'নাৰ সংক্ৰমণ ৷ ক্ৰমাৎ দিনে দিনে জিলাখনত ক'ৰ'নাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত এতিয়া জনসাধাৰণৰ মাজত শংকাৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন ঠাইৰ পাঁচজন ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰাৰ পিচত আজি পুনৰ আন পাঁচজন ব্যক্তিৰ দেহত ক'ভিভ- ১৯ প'জিটিভ ধৰা পৰে ৷

নতুনকৈ আক্ৰান্তসকলৰ এজন বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱৰ,এজন অভয়াপুৰীৰ, এজন অভয়াপুৰী বাটাবাৰীৰ ,এজন বইটামাৰী মলিগাঁৱৰ আৰু এজন ২ নং ধুপুৰী অঞ্চলৰ বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে ৷ উল্লেখ্য যে এই ব্যক্তিসকলৰ ৰেপিড এণ্টিজেণ্ট পৰীক্ষাত তেওঁলোকৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷ ইয়াকে ধৰি বৰ্তমান জিলাখনত সক্ৰিয় ক'ভিড- ১৯ প'জিটিভ ৰোগীৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পালে ৷

Your Comments