#বকোৰ পৰা বিষ্ণুৰাম দাস:
বিগত বছৰবোৰৰ দৰে এই বৰ্ষতো কামৰূপ জিলাৰ বকোত বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে বিহু উদযাপনৰ প্ৰস্তুতি চলাইছে।বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ৫৩ সংখ্যক বৰ্ষৰ বাবে উদযাপন কৰিব ব'হাগী উৎসৱৰ।উল্লেখ্য যে ৩১ চ'তৰ পৰা ১,২ আৰু ৩ ব'হাগলৈ অৰ্থাৎ ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ পালন কৰা হ'ব বহাগী উৎসৱ।
সোণালী জয়ন্তী গৰকা বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে এই বৰ্ষত ৫৩ বছৰত ভৰি দিছে।বকোৰ সৰবৰাহী ব্যক্তি প্ৰবীণ তালুকদাৰক সভাপতি,যুৱ সমাজকৰ্মী পৱন কলিতাক সাধাৰণ সম্পাদক আৰু বিষ্ণুৰাম দাসক প্ৰচাৰ সম্পাদক হিচাপে লৈ বকোৰ প্ৰায় শতাধিক সামাজিক ব্যক্তিক লৈ ইতিমধ্যে গঠন কৰা হৈছে বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ পৰিচালনা সমিতিখন।বিহু উদযাপন সমিতি গঠনৰ পিছতেই সভাপতি আৰু সম্পাদকৰ তৎপৰতাত কাৰ্য্যালয়ৰ দায়িত্বত থকাসকলে বিহুৰ যাৱতীয় কাম-কাজসমূহ চলাই আহিছে।
আজি সম্পাদকৰ পৰা জানিব পৰা মতে অহা ১৪ এপ্ৰিলৰ পৰা শুভাৰম্ভণি হ'ব লগা বিহুৰ যাৱতীয় কাম-কাজ পূূৰ্ণ প্ৰস্তুতিৰে চলি আছে। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু হুঁচৰি দল,অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাউদাং,প্ৰিয়ংকা ভৰালী,জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দল আৰু বিহুৰ যাৱতীয় শিল্পী,কলা-কুশলীৰ লগত যোগাযোগ কৰি অনুষ্ঠান পৰিৱেশনৰ বাবে চুক্তি কৰা হৈছে। কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে।
- Log in to post comments
- 26 views