হাজোৰ ৰামদিয়াত 'বিহু নৃত্য আৰু ঢোল বাদন'ৰ কৰ্মশালা

Pic

বিশেষ প্ৰতিবেদক হাজো,৯এপ্ৰিল:

প্ৰকৃতিৰ বুকুত ন-ৰূপ সানি আকৌ পালেহি চেনেহৰ ব'হাগ।অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া।তেনে সময়তে ৰামদিয়া ছাত্ৰ সন্থাই আয়োজন কৰিছে 'বিহু নৃত্য আৰু ঢোল বাদন'ৰ এক প্ৰশিক্ষণ কৰ্মশালাৰ।

হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰামদিয়া ছাত্ৰ সন্থা আৰু আলোড়ন ন্যাসৰ সহযোগত ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ কৰ্মশালাৰ।উঠি অহা নৱ-প্ৰজন্মই যাতে বিহুৰ সৈতে চিনাকি হৈ অসমীয়া জাতি আৰু অসমৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ পাৰে,তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ সন্থাই এই কৰ্মশালাখনিৰ আয়োজন কৰিছে বুলি জনাইছে।

Pic

কৰ্মশালাখনিৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অধ্যক্ষ ডঃ অসিত কুমাৰ পালে।এই কৰ্মশালাখনিৰ অহা ১১এপ্ৰিলত সামৰণি পৰিব।বৃহত্তৰ  অঞ্চলটোৰ শতাধিক যুৱক- যুৱতীৰ লগতে শিশুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালাত কুলজ্যোতি তালুকদাৰ,ডলী কাকতি,লক্ষ্য  ডেকা,ৰিংকিমণি ডেকা,ব্ৰজেন শালৈ,ফাকুলিমা ৰাজবংশীয়ে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে।

Your Comments