#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
আপুনি ফেচবুকত ফটো upload কৰি ভাল পাই নেকি,যদি পায়,তেনেহ'লে আপুনি সাৱধান হওঁক ।
হেকাৰৰ দৃষ্টি এইবাৰ আপোনাৰ বা মোৰ ফেচবুক একাউন্টৰ ওপৰত ।
হেকাৰে ধন ঘটাৰ সহজ উপায় বাচি লৈছে ফেচবুক ।
যিকোনো মুহূৰ্তত আপুনি ফেচবুক একাউণ্ট খোলাৰ সময়ত ব্যৱহাৰ কৰা ফোন নাম্বাৰতো আহিব পাৰে হেকাৰৰ ফোন ।
আৰু ফেচবুকত আপুনি upload কৰা ফটোৰ বিকৃত ৰূপ দি অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি হেকাৰে আপোনাৰ WhatsApp নাম্বাৰত পঠাই দাবী কৰিব পাৰে ধন ।
ধন দিবলৈ অমান্তি হ'লে আপোনাৰ ফটো ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ফটো আপোনাৰ ফেচবুক একাউন্টৰ জৰিয়তে upload দি ভাইৰেল কৰাৰো ভয় দেখুৱায় হেকাৰে ।
একে ঘটনা সংঘটিত হৈছে কলিয়াবৰত ।
কলিয়াবৰৰ নলতলীৰ এজন যুৱকৰ ফেচবুক একাউণ্টত upload কৰা ফটোৰ বিকৃত ৰূপ দি অশ্লীল ভিডিঅ' WhatsApp নাম্বাৰত ফেচবুকত ব্যৱহাৰ কৰা তথ্যসহ প্ৰেৰণ কৰি হেকাৰে দাবী কৰে ধন ।
যুৱকজনে ধন দিবলৈ অমান্তি হোৱাত অশ্লীল ভিডিঅ' ফেচবুকৰ জৰিয়তে ভাইৰেল কৰাৰ ভয় দেখুৱায় হেকাৰে ।
যুৱকজনে ইতিমধ্যে স্থানীয় চুলুং আৰক্ষী চকীত ঘটনাটোৰ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰিছে।
- Log in to post comments
- 74 views