*পুৰুষতকৈ মহিলাই ভোটদান কৰিলে অধিক*
#বঙাইগাঁৱৰ প্ৰতিবেদক:
মঙলবাৰে অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত মুঠ ৮৬.৪২ শতাংশ ভোটদান হয় ৷ যিটো উল্লেখনীয় হিচাপে পৰিগণিত হৈছে ৷
তদুপৰি,সমষ্টিটোত এইবাৰ পুৰুষতকৈ মহিলাৰ ভোটদানৰ হাৰ অধিক হয় ৷ সমষ্টিটোত এইবাৰ মহিলাৰ ভোটদানৰ হাৰ ৮৭.০২ শতাংশ হোৱাৰ বিপৰীতে পুৰুষৰ ভোটদানৰ হাৰ হ'ল ৮৫.৮ শতাংশ ৷
উল্লেখ্য যে সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ১,৭৬,৩০৬ গৰাকী ৷ ইয়াৰ ভিতৰত এইবাৰ ১,৫২,৩৫৮গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰে ৷ তাৰে ভিতৰত ৭৭,৪৩২ গৰাকী মহিলা ভোটাৰ আৰু ৭৪,৯২৬ গৰাকী পুৰুষ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ এনেও সমষ্টিটোত এইবাৰ পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক আছিল ৷
- Log in to post comments
- 10 views