বঙাইগাঁৱৰ হাপাচাৰাত সংঘটিত পথ দুৰ্ঘটনাত প'লিং বিষয়াৰ মৃত্যু

Pic

#বঙাইগাঁৱৰ প্ৰতিবেদক:

অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ কৰ্তব্য সামৰি যোৱা নিশা ঘৰলৈ উভতি অহাৰ পথত বঙাইগাঁও জিলাৰ হাপাচাৰাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন প'লিং বিষয়া তথা শিক্ষকৰ মৃত্যু হয় ৷ দুৰ্ঘটনাত মৃত্যু হোৱা প'লিং বিষয়াগৰাকী চিৰাং জিলাৰ বিজনী চহৰৰ ৪ নং ৱাৰ্ডৰ লক্ষ্মী মন্দিৰ এলেকাৰ দেৱজিৎ চৌধুৰী ওৰফে দমা ( ৪০ ) বুলি চিনাক্ত কৰা হয় ৷

ধুবুৰী জিলাৰ চাপৰ-শালকোচা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ শিক্ষক দেৱজিৎ চৌধুৰী বিলাসীপাৰা মহকুমাৰ নিৰ্বাচনত প'লিং বিষয়াৰ দায়িত্বত নিয়োজিত আছিল ৷ জানিব পৰা মতে ধীৰঘাটত নিৰ্বাচনৰ প'লিং বিষয়া হিচাপে দায়িত্বত থকা দেৱজিৎ চৌধুৰীয়ে নিশা নিৰ্বাচনত ব্যৱহৃত ভোটিং মেচিন আদি জমা দি তথা কৰ্তব্য সামৰি এ এছ ২৬ এ ৯৩৪২ নম্বৰৰ মটৰ চাইকেলেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে চিৰাং জিলাৰ বিজনীৰ ঘৰলৈ আহি থকা অৱস্থাত বঙাইগাঁও জিলাৰ হাপাচাৰাত ট্ৰাকৰ খুন্দাত শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লয় ৷ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় শিক্ষকগৰাকীৰ ৷ পিছত দুৰ্ঘটনাৰ খবৰ পাই বঙাইগাঁও যান-বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিশাৰ ভাগতে মৃতদেহ উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থাৰ কাৰণে প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে নিশা প্ৰায় আঢ়ৈ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিছে ৷

আজি দুপৰীয়া মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে আৰু বিজনীৰ বাসগৃহলৈ লৈ যায় । পিছত পুনৰাই সুপাৰিগুৰীস্থিত বাসগৃহলৈ নিয়ে আৰু তাতে পৰিয়াল,আত্মীয়-স্বজনে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে স্থানীয় ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ৷ শিক্ষক দেৱজিৎ চৌধুৰীৰ মৃত্যুত বিজনী অঞ্চলত শোকৰ ছাঁ পৰে ৷ 


 

Your Comments