*বিভিন্ন দল-সংগঠনৰ সহযোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট সংবাদকৰ্মীৰ*
#মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
গণতন্ত্ৰক সুৰক্ষা প্ৰদানৰ নামত মৰিগাঁও জিলাৰ দুই সাংবাদিকক প্ৰাণ নাশৰ ভাবুকিৰে অগণতান্ত্ৰিক আচৰণ প্ৰদৰ্শন কৰা মন্ত্ৰী পীয়ুষ
হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত আজি উত্তাল হৈ পৰে মৰিগাঁও নগৰৰ বিহুতলী। মৰিগাঁও জিলাৰ জাগীৰোডৰ সাংবাদিক তুলসী মান্তা আৰু মায়ঙৰ সাংবাদিক নজৰুল ইছলামক অশ্লীল গালি-গালাজ দিয়াই নহয়,ভয়-ভাবুকি প্ৰদান কৰি অগণতান্ত্ৰিক আচৰণেৰে গণতান্ত্ৰিক ব্যৱস্থাটোক কুঠাৰাঘাত কৰা মন্ত্ৰী পীয়ুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী জনাই আজি মৰিগাঁও জিলাৰ সমূহ সাংবাদিক আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত মৰিগাঁও নগৰৰ বিহুতলীত দুন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
মৰিগাঁও জিলা মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা আৰু ভাৰপ্ৰাপ্ত সম্পাদক মানস নাথৰ নেতৃত্বত গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ লগতে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা,সদৌ তিৱা ছাত্ৰ সন্থা,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কৃষক মুক্তি সংগ্ৰাম সমিতি,মৰিগাঁও আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাকে আদি কৰি ভালেকেইটা জাতীয় সংগঠনে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ মাজতে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অগণতান্ত্ৰিক আচৰণক ধিক্কাৰ প্ৰদান কৰি বক্তব্য প্ৰদান কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইন,প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,সম্পাদক জিতুমণি নাথ,সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল নাথ,আছুৰ প্ৰাক্তন সভাপতি হিমাংশু মহন্ত,সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমছং,সম্পাদক পদেশ্বৰ মিথি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক পিংকু মহন্ত,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বদন শৰ্মা,আমছুৰ আশ্বিফ আব্ৰানি, সাংবাদিক মিতালী দেৱী, ছাইফুল ইছলাম আদিয়ে।প্ৰতিবাদী সংবাদকৰ্মী আৰু জাতীয় সংগঠনসমূহে শীঘ্ৰেই মন্ত্ৰী পীয়ুষ হাজৰিকাৰ গ্ৰেপ্তাৰৰ দাবী জনায়।
- Log in to post comments
- 13 views