*মানুহে এইবাৰ ভেজাল জাতীয়তাবাদ বিদায় দিব- লুৰীণজ্যোতি গগৈ*
*ফণীভূষণ চৌধুৰীৰ শুব নোৱাৰা অৱস্থা হৈছে- দীপু চৌধুৰী*
#বঙাইগাঁৱৰ প্ৰতিবেদক:
অসম গণ পৰিষদ দলৰ দুৰ্গখ্যাত ফণীভূষণ চৌধুৰীৰ ভেঁটিত কঁপনি তুলি অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনা ৪ এপ্ৰিলত বঙাইগাঁও সমষ্টিত অজাপ আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী দীপু চৌধুৰীয়ে বিশাল পদযাত্ৰাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰে ৷ বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত আই টি আই খেল পথাৰৰ পৰা চহৰখনৰ বৰপাৰা ৰাজহুৱা খেল পথাৰলৈ উলিওৱা এই পদযাত্ৰাত হাজাৰ হাজাৰ কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে ৷ প্ৰচণ্ড গৰমকো আওকাণ কৰি পদযাত্ৰাত অংশগ্ৰহণ কৰাসকলৰ মুখত এটাই কথা 'আমাক ৰাজনৈতিক পৰিৱৰ্তন লাগে'৷ দীপু চৌধুৰীৰ সমৰ্থত উলিওৱা এই পদযাত্ৰাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ , সাধাৰণ সম্পাদক জগদীশ ভূঞা আদিয়েও দলৰ প্ৰাৰ্থীগৰাকীৰ হৈ অংশগ্ৰহণ কৰে ৷ ইপিনে ৩৫ টা বছৰে বঙাইগাঁও সমষ্টিটো দখল কৰি ৰখা ফণীভূষণ চৌধুৰী সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত্তোৰত লুৰীণজ্যোতি গগৈয়ে কয় যে মানুহে ভেজাল জাতীয়তাবাদ এইবাৰ বিদায় দিব খুজিছে ৷ ইমান বিশ্বাসঘাতকতা,ঠগ-প্ৰৱঞ্চনা আৰু মানুহে সহ্য নকৰে ৷ সেই কাৰণে আমি এইবাৰ নিৰ্ভেজাল জাতীয়তাবাদ ,স্বাভিমানী জাতীয়তাবাদ বঙাইগাঁৱত প্ৰতিষ্ঠা কৰিব খুজিছো ৷ ইমান দীঘলীয়া পৰিক্ৰমাৰ একঘেয়ামী ৰাজনীতি আৰু ইমান দীঘলীয়া পৰিক্ৰমাৰে ৰাজনীতি কৰাৰ পিছতো এই সমষ্টিটোৰ যিটো উন্নয়নহীনতা ,চাৰিওফালে দুৰ্নীতি - ভ্ৰষ্টাচাৰ আৰু সমাজত মেলি দিয়া দালালে যেনেকুৱা ধৰণৰ ভয়াৱহ এটা পৰিৱেশ তৈয়াৰ কৰিছে ইয়াৰ পৰা জনতা তথা বঙাইগাঁওবাসী ৰাইজে পৰিত্ৰাণ বিচাৰিছে ৷ সেই কাৰণে মই ভাবো যে এইবাৰ স্বাভিমানী নিৰ্ভেজাল জাতীয়তাবাদৰ অসম জাতীয় পৰিষদৰ যি নীলিম পতাকা তাৰ তলত জনতা সমবেত হ'ব আৰু জাতীয়তাবাদৰ পক্ষত ভোটদান কৰিব ৷ সভাপতিগৰাকীয়ে অসমত এইবাৰ জাতীয়তাবাদৰ চৰকাৰ হ'ব বুলিও কয় ৷ সেইদৰে মাতৃৰ বিয়োগৰ পিচতো এইদৰে ৰাইজৰ মাজলৈ ওলাই অহা সন্দৰ্ভত কয় যে মাতৃৰ বিয়োগ মোৰ জীৱনৰ কাৰণে এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা ৷ মোৰ মা মোৰ কাৰণে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক আছিল ৷ তথাপিও মই জনগণৰ মাজলৈ ওলাই আহিছো ৷ কাৰণ জাতীয় সংকট, ৰাইজে জানে ৷মোৰ মাৰ বিয়োগ হ'ল , কিন্তু অসমৰ মাজলৈ অহা যিটো ভয়াৱহ সংকট এই সংকটৰ পৰা যাতে আমি উদ্ধাৰ পাও এই দায়িত্ব সমগ্ৰ অসমৰ জনগণক দিব খুজিছো ৷ যাতে অসম মাতৃৰ মুখলৈ অহা ভয়াৱহ সংকট নাইকিয়া কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহে ৷ যাতে মাতৃৰ মুখৰ ভাষা, মাতৃভাষা আমি হেৰুৱাবলগীয়া নহয় , মাতৃভূমি যাতে সংকটত নপৰে , সেই সংগ্ৰাম আৰু সেই পণলৈ জনগণক ওলাই আহিবৰ কাৰণেও সকলোকে আহ্বান জনায় ৷
সভাপতিগৰাকীয়ে কয় যে সমগ্ৰ অসমৰ মাতৃ-পিতৃ সকলোৰে এটা আশাবাদী চিন্তা আছে আৰু সকলোৱে আশা কৰিছে যে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এক শক্তিশালী স্বাভিমানী জাতীয়তাবাদ এটা প্ৰতিষ্ঠা হোৱাৰ অত্যন্ত প্ৰয়োজন ৷গতিকে সেই লক্ষ্য আৰু উদ্দেশ্য লৈয়ে মই জনগণৰ মাজলৈ আহিছো আৰু ক'ব খুজিছো যে এগৰাকী মোৰ মাতৃক হেৰুৱালোঁ ৷ কিন্তু যাতে অসম মাতৃক নেহেৰুৱাও তাৰ দায়িত্ব মোৰো আছে আৰু সকলোৰে আছে ৷ সেয়ে এই যাত্ৰাত যাতে সকলোৱে চামিল হয় আৰু এটা শক্তিশালী স্বাভিমানী জাতীয়তাবাদৰ ভেঁটি অসমত প্ৰতিষ্ঠা কৰে ৷ যি অসমত মানুহৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰিব পাৰে ,আমাৰ অধিকাৰ ,আমাৰ মাটি- ভেঁটি ,আমাৰ ভাষা- কৃষ্টি - সংস্কৃতি সুৰক্ষিত কৰিব পাৰে সেই চিন্তাৰে সকলোকে তেওঁলোকৰ সৈতে চামিল হ'বৰ কাৰণে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷
ইপিনে,মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দল আৰু অজাপ বিজেপিৰ ছত্ৰ ছায়াত গঠন হোৱা বুলি কৰা মন্তব্য সন্দৰ্ভত কয় যে তেওঁৰ কথাৰ কোনো লাগ-বান্ধ নাই ৷ ইয়াৰ পূৰ্বে এআইইউডিএফ আৰু কংগ্ৰেছৰ পৰা জন্ম হোৱা বুলি কৈ আছিল ৷ সেয়ে তেওঁৰ এনেবোৰ কথাৰ আলোচনা কৰিবলগীয়া যুক্তি যুক্ততা আছে বুলি মই নাভাবো ৷ কাৰণ তেওঁ কংগ্ৰেছত থাকোতে বেলেগ এটা কথা কৈছিল , বিজেপিত থাকোতে এটা কথা কয় আৰু এতিয়া এআইইউডিএফলৈ যাবলৈ ওলাইছে বাবে বেলেগ এটা কথা ক'ব ৷ আনহাতে নিৰ্বাচনী সভাত কৰা বিভিন্ন মন্তব্য সন্দৰ্ভত সভাপতিগৰাকীয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁলোক কোনটো স্তৰৰ ৰাজনীতিবিদ আৰু কোনটো স্তৰৰ কথা-বতৰা কয় আমি বুজিয়ে নাপাও ৷ কাৰণ বিগত সময়চোৱাত চৰকাৰখনে কি কি কাম কৰিলে আৰু পৰৱৰ্তী দিনত তেওঁলোকৰ কি কি পৰিকল্পনা আছে সেই ইছ্যু লৈহে মানুহৰ ওচৰলৈ যাব লাগে ৷ তেওঁলোকক ৩৫ শতাংশ মুছলমানৰ ভোট নালাগে ,লুঙী- টুপীৰ ৰাজনীতি, মিঞা মিউজিয়াম আদি কথাবোৰ শোভা নাপায় ৷ সেই কাৰণে আমি এটা যোগাত্মক মন লৈ গুণগত ৰাজনীতি কৰিব আহিছো ৷ চৰকাৰে কোন কোন কথাত ব্যৰ্থ হৈছে আৰু আমি কি নতুন চিন্তাৰে আগবাঢ়িব খুজিছো এইটোৱে নিৰ্বাচনৰ এজেণ্ডা হোৱাতো উচিত ৷ তেনেকুৱা তৰল কথা আৰু সাম্প্ৰদায়িকতাই যাতে অসমৰ ৰাজনৈতিক সংস্কৃতি আৰু গুণগত ৰাজনীতিৰ পৰিৱেশটো ধ্বংস নকৰে তাৰ প্ৰতি সকলো পক্ষলৈ আহ্বান জনায় ৷ লগতে সৰ্ব সাধাৰণ ৰাইজেও যাতে এই কথাবোৰ মনত ৰাখে আৰু সচেতন হৈ যাতে এইবাৰ ভোটদান কৰে তাৰ বাবেও আহ্বান জনায় ৷
আনহাতে,সমষ্টিটোৰ অজাপ আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী দীপু চৌধুৰীয়ে কয় যে বঙাইগাঁও বিধানসভা সমষ্টিত যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমৰ্থক আছে আৰু আমি বিজয় হ'ম সেয়া নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনা এই পদযাত্ৰাৰে দেখুৱাব বিচাৰিছোঁঁ ৷ আনহাতে অগপ দলৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে অজাপৰ প্ৰাৰ্থী দীপু চৌধুৰী কোনো ফেক্টৰ নহয় বুলি কৰা মন্তব্য সন্দৰ্ভত দীপু চৌধুৰীয়ে কয় যে এয়া হৈছে দলৰ কৰ্মীসকলৰ মনোবল অটুত ৰাখিবলৈহে এইদৰে কৈ আছে ৷ কাৰণ,এই পদযাত্ৰাত অংশগ্ৰহণ কৰা এই হাজাৰ হাজাৰ লোক অগপৰে কৰ্মী আছিল ৷ ইয়াত কোনো বাহিৰৰ পৰা অনা ব্যক্তি নাই ৷ তেওঁলোকৰ সভা - সমিতিবোৰত যেনেদৰে বৰপেটা, চাপৰ বা আন সমষ্টি আদিৰ পৰা গাড়ী লৈ মানুহ আহে,তেনেকৈ অহা নাই ৷ সকলো বঙাইগাঁও সমষ্টিৰে মানুহ আৰু অগপ দলৰ কৰ্মী - সমৰ্থক আছিল ৷ অগপৰ ভেঁটি কঁপিছে ৷ অগপৰ ভেঁটি কঁপিছে কাৰণে এতিয়া ফণীভূষণ চৌধুৰীয়ে দিনে ৰাতি ঘুৰি আছে ৷ কাৰণ যুৱ সমাজ আমাৰ লগত আছে ৷ লুৰীণজ্যোতি গগৈ আমাৰ দলৰ বলিষ্ঠ নেতা ৷ তেওঁৰ সভাপতিত্বত তথা নেতৃত্বত আজি অসম জাতীয় পৰিষদৰ এনে এক শক্তিশালী স্থিতি দেখিবলৈ পাইছে ৷ সভাপতিগৰাকীৰ একমাত্ৰ বলিষ্ঠ পদক্ষেপ তথা নেতৃত্বৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে ৷ দীপু চৌধুৰীয়ে আৰু কয় যে কিছুদিন পূৰ্বে ফণীভূষণ চৌধুৰীয়ে কৈছিল যে দীপু চৌধুৰীয়ে সপোন দেখি আছে আৰু সপোনত শুই থাকে ৷ কিন্তু মই আজি কওঁ যে ফণীভূষণ চৌধুৰী শুব নোৱাৰা অৱস্থা হৈছে ৷ আজিৰ দিনত তেওঁৰ টোপনী নহা হৈছে ৷ নিশা টোপনী নাহে ৷ তেওঁ শুব পৰা অৱস্থাত নাই ৷ দীপু চৌধুৰীয়ে কংগ্ৰেছ ফেক্টৰ নহয় বুলি কৈ মূল প্ৰতিদ্বন্দী অগপৰ ফণীভূষণ চৌধুৰী হ'ব বুলিও কয় ৷ উল্লেখ্য যে অগপ ত্যাগ কৰি কিছুদিন পূৰ্বে অজাপত যোগদান কৰা দীপু চৌধুৰী যে এইবাৰ অগপৰ ফণীভূষণ চৌধুৰীৰ বাবে চিন্তাৰ বিষয় হৈ উঠিছে ,সেয়া ইতিমধ্যে দলটোৰ নেতা- কৰ্মীসকলৰ মাজত চলা সৰৱ চৰ্চাই প্ৰতিপন্ন কৰিছে ৷ সেইদৰে ৰাইজৰ মুখে মুখেও এটাই কথা এইবাৰ ফণীভূষণ চৌধুৰীৰ বিজয় সহজ নহ'ব ৷ কিন্তু এই সকলো ওলাই পৰিব ফলাফল ঘোষণাৰ দিনাহে ৷
- Log in to post comments
- 20 views