সাহিত্যৰথী সাহিত্য সভা,বতাহঘূলিৰ ষষ্ঠ সাহিত্য বৈঠকখনি যোৱা ৪ এপ্ৰিলত কবি অতুল চন্দ্ৰ দত্তৰ আহ্বান মৰ্মে দত্তৰ গুৱাহাটীৰ বতাহঘূলিৰ বগৰীতলৰ বাসগৃহত অনুষ্ঠিত কৰা হয়।বৈঠকত পৌৰোহিত্য কৰে সভাপতি অতুল তামুলীয়ে।বৈঠকত বিশিষ্ট অতিথিৰূপে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি সবিতা দেৱী,পৰ্যালোচকৰূপে হৰেশ্বৰ ডেকা,শাখাৰ উপ-সভাপতি ড: পাৰুল গোস্বামী আৰু সম্পাদক যোগেন্দ্ৰ কুমাৰ কলিতা উপস্থিত থাকে।
আহ্বায়ক অতুল চন্দ্ৰ দত্তই সকলোক আদৰণি সম্ভাষণ জনোৱাৰ পিছত সম্পাদকে বিগত সাহিত্য বৈঠকৰ কাৰ্যবিৱৰণী পাঠ কৰে।ইয়াৰ পিছতে বিগত বৈঠকৰ লেখাসমূহৰ এটি মূল্যৱান পৰ্যালোচনা আগবঢ়ায় সভাপতি অতুল তামুলীয়ে।লগতে তেওঁ অতুল চন্দ্ৰ দত্তৰ কবিতাৰ পৰ্যালোচনা কৰাৰ লগতে ছনেট বা চতুৰ্দশপদী কবিতা সম্পৰ্কে চমুকৈ অৱলোকন কৰে।
এই সভাতে শাখা কাৰ্যালয়লৈ এটা ষ্টীলৰ আলমাৰী দান দিয়াৰ বাবে মফিজ্জুদিন আহমদ আৰু ১৯ গৰাকী আজীৱন সদস্যভৰ্তি কৰি দিয়াৰ বাবে ড: পাৰুল গোস্বামীক শাখাৰ হৈ ৰাজেন ভট্টাচাৰ্য্যই একোটাকৈ কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় । সবিতা দেৱীয়েও দুয়োকে দুখন কিতাপ উপহাৰ দিয়ে । বৈঠকতে 'আজীৱন সভ্য'ৰ প্ৰমাণ-প্ৰত্ৰসমূহো প্ৰদান কৰা হয়।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতিদিৱস ২৬ মাৰ্চৰ দিনটো শাখাই প্ৰতিবছৰে "সাহিত্য দিৱস"ৰূপে পালন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।প্ৰয়াত কাৰ্যবাহী সদস্য তৰণীসেন তালুকদাৰৰ মৃত্যুত খালী হোৱা পদত সভাই সম্পাদকৰ প্ৰস্তাৱমৰ্মে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে মৃদু ভট্টাচাৰ্য্য গোস্বামীক।
সাহিত্য পাঠ আৰু গীত-মাত আৰু কথাৰে অনুষ্ঠানটো উজ্জীৱিত হৈ উঠে । কবিতা পাঠ কৰে ৰাজেন্দ্ৰ কুমাৰ বৰা, কিশোৰী হিমাদ্ৰী কাকতি, মহেশ্বৰ বৰা,ভৱেশ বৈশ্য, মফিজ্জুদিন আহমদ, সমীজান বেগম, কৰৱী তালুকদাৰ,মেঘালী বৰা, স্বপ্নালী নাথ, হৰেশ্বৰ ডেকা আৰু তৰা গগৈ কাকতিয়ে । প্ৰৱন্ধ পাঠ কৰে, বসুন্ধৰা, মৃদু গোস্বামী,ড° পাৰুল গোস্বামী আৰু ডা: উপেন কাকতিয়ে । গীত পৰিৱেশন কৰে শিশু শিল্পী গন্ধৰ্বৰাজ তালুকদাৰ, ৰাজেন ভট্টাচাৰ্য্য, মহেশ্বৰ বৰা,আৰু ৰাজেন্দ্ৰ কুমাৰ বৰাই সভাৰ আহ্বায়ক দত্তই শ্ৰীমান গন্ধৱৰাজৰ সংগীত- চৰ্চাত উৎসাহিত কৰিবলৈ নগদ ধনেৰে মাননী আগবঢ়ায়।কিশোৰী জয়নন্দিনী বৰাই কথক নৃত্য পৰিৱেশন কৰে।
বৈঠকত বিশিষ্ট অতিথি সবিতা দেৱীয়ে বক্তব্য প্ৰদান কৰে। আজীৱন সভ্য শান্তিৰাম বৰা, দুৰ্গেশ্বৰ ঠাকুৰীয়া,আকবৰ আলী, খগেন কাকতি,অতুল দত্ত আদিয়েও নিজ নিজ অভিমত প্ৰকাশ কৰে ।
অহা মে' মাহৰ প্ৰথম দেওবাৰে অনুষ্ঠিত হ'বলগীয়া সাহিত্য বৈঠকখনি হৰেশ্বৰ ডেকাই মাজাৰ ৰোড,বতাহঘূলিস্থিত নিজ বাসগৃহলৈ আমন্ত্ৰণ জনায় ।
সহকাৰী সম্পাদক ডাঃ উপেন কাকতিয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত জাতীয় সংগীত পৰিৱেশন কৰি সভাৰ সমাপ্তি ঘোষণা কৰা হয় ।
- Log in to post comments
- 58 views