সামৰণি পৰিল তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ:বকোত জ্যোতিপ্ৰসাদ দাসৰ হৈ প্ৰচাৰ চলালে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে

Pic

#বকোৰ পৰা বিষ্ণুৰাম দাস,৪ এপ্ৰিল:

অহা ৬ এপ্ৰিল অৰ্থাৎ মঙলবাৰে অনুুুষ্ঠিত হ'ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ প্ৰতিদিনে ঠাই বিশেষে নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে। আজিও একাদিক্ৰমে তিনি/চাৰি স্থানত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ তত্বাৱধানত ভিন্ন জাতি -জনগোষ্ঠীৰ নেতৃবৃন্দৰ সহযোগত চলায় জ্যোতিপ্ৰসাদ দাসৰ নিৰ্বাচনী প্ৰচাৰ। নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক নমল কুমাৰ ৰাভাই জনোৱা মতে দিনৰ ২ বজাত বকো ৰাজহ চক্ৰৰ অন্তৰ্গত মালাংত ; মালাং অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বসতি স্থান গামেৰীমুৰা - জাকুৱাপাৰা এলেকাৰ লোকসকলৰ মাজত যৌথ মঞ্চই সমৰ্থন কৰা প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক ভোট দান কৰি জয়ী কৰাবলৈ আহ্বান জনাই আয়োজন কৰে নিৰ্বাচনী প্ৰচাৰ সভাৰ।

Pic

উল্লেখ্য যে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ তৎপৰতাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিং আৰ মাৰাকে অংশগ্ৰহণ কৰা নিৰ্বাচনী প্ৰচাৰ সভাত জ্যোতিপ্ৰসাদ দাসক দলে-বলে ভোট দান কৰিবলৈ আহ্বান জনায় ষষ্ঠ অনুসুচী দাবী সমিতিৰ মুখ্য সম্পাদক ননীগোপাল ৰাভাই । সভাত ষষ্ঠ অনুসূচী দাবী সমিতিৰ কেইবাজনো বিষয়ববীয়া;কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি আনন্দ ৰাভা;সম্পাদক নমল কুমাৰ ৰাভা;কামৰূপ জিলা বেংগলী যুৱ ফেডাৰেচনৰ সভাপতি সঞ্জয় চৌধুৰীকে ধৰি  বিশিষ্ট নেতৃবৃন্দই বিজেপি চৰকাৰ হ'লে হ'ব লগা উন্নয়নৰ স্বাৰ্থত বকো সমষ্টিৰ সৰ্বাঙ্গীন বিকাশৰ লক্ষ্যৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক ভোট দিবলৈ আহ্বান জনায়।

আনহাতে, মালাঙত নিৰ্বাচনী প্ৰচাৰ চলোৱা যৌথ সংগ্ৰাম সমিতিৰ দলটোৱে ৯ নং দক্ষিণ-পূব গাওঁ পঞ্চায়তৰ অন্তৰ্গত জোঙাখুলী কছাৰীপাৰাত অনুষ্ঠিত কৰে নিৰ্বাচনী প্ৰচাৰ সভাৰ। প্ৰকাশ্য যে যৌথ সংগ্ৰাম সমিতিৰ তত্বাৱধানত আজি  অনুষ্ঠিত কৰে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাৰ।আটাইকেইখন সভাতেই ভোটাৰ ৰাইজৰ বিপুল সঁহাৰি পোৱা যায় আৰু জ্যোতিপ্ৰসাদ দাস বিধায়ক হিচাপে জয়ী হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে বুলি জানিবলৈ দিয়ে। একাদিক্ৰমে কেইবাঠাইটো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত আনুষ্ঠানিকভাৱে সামৰণি পৰে তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ।

  

Your Comments