#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৪ এপ্ৰিলঃ
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পৈছাৰা গাঁৱত আজি দিন হাজিৰা কৰা শ্ৰমিকৰ এগৰাকীৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে পৈছাৰা গাঁও নিৱাসী তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা জীতেন ডেকা (৪৫)ৰ আজি দিনৰ ২ বজাত নিজৰ থকা চালি ঘৰত বৰষুণ নপৰাৰ বাবে প্লাষ্টিক আঁৰি দিয়াৰ হেতুকে ওপৰত উঠি কাম কৰি থকা অৱস্থাতে হঠাৎ বিদ্যুৎ প্ৰৱাহিত তাঁৰে হাতত মেৰিয়াই ধৰাৰ ফলত কৰুণভাৱে মৃত্যু হয়।স্থানীয় ৰাইজে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও বাটতে মৃত্যু হয়।মৃত্যুৰ বাতৰি বিয়পি যোৱাৰ পিছত তেওঁৰ ঘৰত অগনন লোকৰ সমাগম হয়।ডেকাই মৃত্যুৰ সময়ত পত্নীসহ ১২ বছৰীয়া জীয়াৰী আৰু ৮ বছৰীয়া পুত্ৰসন্তানক ইহসংসাৰত এৰি থৈ যায়।
উল্লেখ্য যে নিতৌ গছ কাটি-দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দি অহা ডেকাৰ মৃত্যুৰ পিছত পৰিয়ালটোত ঘোৰ অমানিশা নামি অহাত স্থানীয় ৰাইজ তথা দল-সংগঠনে চৰকাৰ আৰু বিদ্যুৎ বিভাগক পৰিয়ালটোক আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ বাবে আহ্বান জনাইছে।
- Log in to post comments
- 7 views